Local, Vocal, Global

WATCH | Hatsingmari News : ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমত নাইকীয়া হ’ব কংগ্ৰেছ

হাটশিঙিমাৰী,২৪এপ্ৰিল : ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমত নাইকীয়া হ’ব কংগ্ৰেছ।

মানকাচৰত অগপ দলৰ পঞ্চায়ত নিৰ্বাচনী সভাত এনেদৰে মন্তব্য কৰে মানকাচৰৰ প্ৰাক্তন বিধায়ক জাৱেদ ইছলামে।

মানকাচৰৰ কঠালবাৰীত ফেকামাৰী জিলা পৰিষদৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী আবু ইউছুফ জাকাৰীয়াৰ হৈ এক নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে(Hatsingmari News)।

উক্ত সভাত ভালে সংখ্যক ভোটাৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰি আনুষ্ঠানিক ভাবে যোগদান কৰে অগপ দলত।

যোগদান কাৰ্যসূচিৰ পাছত প্ৰাক্তন বিধায়ল জাৱেদ ইছলামে নিজৰ ভাষনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক বিভিন্ন ধৰনেৰে সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মানকাচৰত অগপ বিজেপি মিত্ৰজোটৰ বেছি সংখ্যক প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি মন্তব্য প্ৰাকাশ কৰে।

২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমত কংগ্ৰেছ নাইকীয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে।

লগতে পঢ়ক : WATCH | Elephant menace : জাঁজীমূখত নিশা বন্যহস্তীৰ তাণ্ডৱ