WATCH | Hatsingimari News : জি টি ত্ৰিপাঠীৰ মানকাচৰৰ কালাপানী আৰক্ষী চকী পৰিদৰ্শন

হাটশিঙিমাৰী,১২জুন : কালাপানী আৰক্ষী চকী পৰিদৰ্শন অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিবৰ।
আজি ৰাজ্যৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব জি টি ত্ৰিপাঠীয়ে মানকাচৰৰ কালাপানী আৰক্ষী চকী পৰিদৰ্শন কৰে(Hatsingimari News)।
মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ কালাপানীৰ কালো নদীত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈ কালাপানী আৰক্ষী চকীত ভাবুকিৰ সৃষ্টি কৰিছে।
কালাপানী আৰক্ষী চকীৰ মূল প্ৰবেশদ্বাৰৰ লগতে বৃহৎ অংশ কালাপানী কালো নদীত বিলীন হৈ গৈছে।
আজি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা ,অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ লগতে শীৰ্ষ পৰ্যায়ৰ এটা দলে কালাপানী আৰক্ষী চকী পৰিদৰ্শন কৰে।
লগতে পঢ়ক : WATCH | Udalguri News : ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিত UPPL দলৰ বুথ সন্মিলনক লৈ পূর্ণ প্রস্তুতি