Local, Vocal, Global

WATCH | Hatsingimari News : যি সময়ত কৃষকে পথাৰৰ পৰা সোণগুটি হাঁহি মূখে ঘৰত ল’ব সেই সময়ত কৃষকৰ চকুত পানী

হাটশিঙিমাৰী,২১মে’ : মেঘালয়ৰ গাৰো পাহাৰৰ পানী এতিয়া অভিশাপ হৈ থিয় দিছে মানকাচৰৰ পূৰ্বাঞ্চলত।

মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত মানকাচৰৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা।

প্ৰথমে মন কৰক কেইটামান দৃশ্য! যি সময়ত কৃষকে পথাৰৰ পৰা সোণগুটি হাঁহি মূখে ঘৰত ল’ব সেই সময়ত কৃষকৰ চকুত পানী(Hatsingimari News)।

বহু কষ্টেৰে ইৰি ধানৰ খেতি কৰা কৃষকে এতিয়া পানীত হাবাথুৰি খাব লগা হৈছে।

দৃশ্য মানকাচৰ সমষ্টিৰ মানকাচৰ ৰাজহ চক্ৰৰ চিৰাখোৱা বেঙেৰ ভিটা গাওঁৰ ।

যোৱা দুদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ডুবাই পেলালে মানকাচৰৰ বৃহৎ অঞ্চল।

নিৰুপায় হৈ পৰিছে কৃষকে, দিক বিদিক হেৰুৱাই এনেদৰে এক বুকু পানীত চপাই আছে সোণগুটি।

লগতে পঢ়ক : WATCH | Nalbari News : জাগাৰা ভৰালীৰ পথ নিৰ্মানত দুৰ্নীতি