WATCH | Hatsingimari News : মানকাচৰৰ পুঠিমাৰীত গুণ্ডাটেক্স সংগ্ৰহ কৰা চেক গেট
হাটশিঙিমাৰী,২৫মাৰ্চ : মানকাচৰৰ পুঠিমাৰীত গুণ্ডাটেক্স সংগ্ৰহ কৰা চেক গেট। প্ৰতিখন বালি ভৰ্তি বাহনে দিব লাগে ১০০ টকা। টকা নিদিলেই আৰম্ভ কৰি দিয়ে মাৰপিট। কাঢ়ি লৈ যায় বাহনৰ চাবি।
অবৈধভাবে গুণ্ডাটেক্সৰ সংগ্ৰহত সাঙোৰ খাইছে তিনিজন ব্যক্তিৰ নাম। হাজং উপাধী আৰু আলী উপাধিৰ দালালৰ নেতৃত্বত চলি আছে গুণ্ডাটেক্সৰ গেট ।
অভিযোগ অনুসৰি মানকাচৰ অসম মেঘালয় সীমান্তৰ পুঠিমাৰী তিনি আলীৰে প্ৰতিদিনে অসমত প্ৰৱেশ কৰা শ শ বালীভৰ্তী পিকআপ ভান আৰু ট্ৰেক্টৰ। বালি ভৰ্তী পিকআপ ভান আৰু ট্ৰেক্টৰৰ পৰা পুঠিমাৰী তিনি আলীত এটা দালাল চক্ৰই অবৈধ ভাবে স্থাপন কৰিছে চেক গেট(Hatsingimari News)।
যিখন চেকগেটৰ গইনা লৈ তিনিজন দালালে প্ৰতিটো। বালি ভৰ্তী পিকআপ ভানৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
দুজন হাজং উপাধী আৰু এজন আলী উপাধিৰ দালালৰ নেতৃত্বত প্ৰায় দুই বছৰৰ পৰা এই গুণ্ডা টেক্স সংগ্ৰহ অব্যাহত আছে বুলি অভিযোগ একাংশ চালকৰ লগতে স্থানীয় ৰাইজৰ।
আনহাতে বাহনৰ চালকে টকা দিয়াত অমান্তি হলে গুণ্ডা বাহীনিয়ে গাৰীৰ চাবী লৈ ধমকি দিয়ে বুলিও একাংশ চালকে অন কেমেৰাত অভিযোগ উত্থাপন কৰিছে।
প্ৰশ্ন হয়, কাৰ সাহসত চিণ্ডিকেট বাহীনিয়ে পুঠিমাৰী তিনীআলীত স্থাপন কৰিছে এই অবৈধ চেক গেট
অনুমতি বিহীন চেক গেটৰ নামত প্ৰতিদিনে সংগ্ৰহ কৰা প্ৰায় ৮-১০ হেজাৰ টকা সোমাইছে কাৰ কাৰ পকেটত
অবৈধ চেক গেটৰ জৰিয়তে সংগ্ৰহ হোৱা টকাৰ ভাগ পায় নেকি বন বিভাগে ?
নহলে কিয় দেখিওঁ নেদেখাৰ ভাওঁত আছে বন বিভাগ ?
পৰবৰ্তী সময়ত এই অবৈধ চেক গেটৰ জৰিয়তে টকা সংগ্ৰহ কৰা চিণ্ডিকেট চক্ৰৰ লগত জৰিত থকা দালাৰ কেইজনৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব।
লগতে পঢ়ক : WATCH | Rhino menace in Mangaldai : মঙলদৈৰ ভোকেলিমাৰা গাঁৱত গড়ৰ মুক্ত বিচৰণ