Local, Vocal, Global

WATCH | Hatsingimari News : ধুবুৰী জিলাৰ আইৰ কাটা গাঁও পঞ্চায়ত চৰকাৰী ঘৰৰ নামত টকা লৈ ৰাইজৰ ৰোষত পৰিল বদিউল জামাল

হাটশিঙিমাৰী,২৪মাৰ্চ : ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ আইৰ কাটা গাঁও পঞ্চায়ত চৰকাৰী ঘৰৰ নামত টকা লৈ ৰাইজৰ ৰোষত পৰিল বদিউল জামাল। সামাজিক মাধ্যমত ভাইৰেল আটক হোৱা ভিডিঅ’ ৷

ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৱ গঠিত নস্কাৰ জামাদাৰহাট ব্লকৰ আইৰকাটা গাওঁ পঞ্চায়তৰ জীৱিকা সখী মাসিদা খাতুনৰ স্বামী বডিউল জামাল৷ আইকাটা গাঁও পঞ্চায়তৰ অন্তগত নামাচালা গাঁওত চৰকাৰী ঘৰৰ নামত জিওটেক কৰিবলৈ গৈ টকা লোৱাৰ সময়ত ৰাইজ আটক কৰা ঘটনা ইতিমধ্যে সামাজিক মাধ্যমিক ভাইৰেল হৈ পৰিছে ভিডিঅ'(Hatsingimari News)।

ইয়াৰ পূৰ্বেও চৰকাৰে মহিলা সকলৰ ছেলফ হেল্ফ গোটৰ বাবে ঘোষণা কৰা ১০০০০ হাজাৰ কৰি টকাৰ ফ্ৰম দিয়াৰ নামত ৫০০ পৰা ১০০০ হাজাৰ কৰি টকা লোৱাৰ অভিযোগ তুলিছে ৰাইজে৷

চৰকাৰী বিভিন্ন কাম কাজত টকা লোৱাৰ কথা অভিযোগ তুলিছে ৰাইজে এইজনৰ বিৰুদ্ধে এতিয়া আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ধুবুৰী জিলা আযুক্ত মহোদয় আৰু নস্কৰা জামাদাৰহাটৰ BPM মহোদয়ে এই গৰাকী জীৱিকা সখী মাশিদা খাতুনৰ বিৰোধে কি পদক্ষেয় লব এয়া হব লক্ষণীয় ৷

লগতে পঢ়ক : WATCH | Handgun was found : মঙলদৈৰ বৰমপুৰ বাসুৱা চুবুৰীত উদ্ধাৰ বন্দুক