Hatsingimari News:সুলভ মূল্যৰ দোকান নে চোৰ !
হাটশিঙিমাৰী,৪নৱেম্বৰ : সুলভ মূল্যৰ দোকান নে চোৰ !ঠগৰো ঠগ মহাঠগ একাংশ সুলভ মূল্যৰ দোকানী।ATTENTION মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কথাত আছে নহয় চোৰৰ বোলে ডাঙৰ মাত।
আপোনাৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাইছে একাংশ সুলভ মূল্যৰ দোকানীয়ে । হিতাধিকাৰীক নিয়মত কৈ বহু চাউল কম কৈ দিয়াৰ অভিযোগ উঠিছে এইগৰাকী মহিলাৰ ওপৰত । হিতাধিকাৰীয়ে পাব লগীয়া চাউল আধাত কৈ কম দিয়ে এইগৰাকী মহিলাই। হিতাধীকাৰীয়ে হাতে লোটে ধৰা পেলোৱাৰ পাছতে সুলভ মূল্যৰ দোকানী আছিয়া খাতুনৰ গৰ্জনত কপি উঠিল পিপুলবাৰী দ্বিতীয় খণ্ড গাঁও(Hatsingimari News)।
কথাত আছে নহয় চোৰৰ বোলে ডাঙৰ মাত।একপ্ৰকাৰ যেন অপেন চেলেঞ্জ কৰিছে চৰকাৰক। কুকুৰমাৰা সমবায় সমিতিৰ অধীনৰ পিপুলবাৰী দ্বিতীয় খণ্ড গাওঁৰ সুলভ মূল্যৰ দোকানী হৈছে আছিয়া খাতুন। আছিয়া খাতুনে অবুজ হিতাধীকাৰীক নিজৰ চঞ্চলীয়া কথা আৰু হাতেৰে যেনেকৈ পাৰিছে তেনেকৈ ঠগি আহিছে। আছিয়া খাতুনে নিজৰ কথাৰ ৰসৰ পাকত পেলাই নিয়মত কৈ কম চাউল দি আহিছে হিতাধীকাৰীক। কিন্তু কিমান আৰু চোৰ কৰিব ।এদিন জালত পৰিবই লাগিব। আজি হাতে লোটে ধৰি ভিডিও কৰিলে । ভিডিও কৰা দেখি বাদুলিৰ দৰে হাতৰ পৰা মবাইল কাঢ়ি লৈ ভাঙি দিয়ে আছিয়া খাতুনে।
হিতাধীকাৰী চাউল লব গলেই আছিয়া খাতুনৰ মূৰ গৰম হৈ পৰে। আছিয়াৰ অভব্য আচৰণত অতিষ্ঠ হৈ পৰিছে হিতাধীকাৰী। একপ্ৰকাৰ গুৰু গোসাই নমনা আছিয়া খাতুনে দিনে ৰাতিয়ে চলাই গৈছে লুণ্ঠন। হিতাধীকাৰীক কম পৰিমানৰ চাউল দি অধিকাংশ চাউলে বাহিৰৰ দোকানত বিক্ৰী কৰাৰো অভিযোগ উঠিছে। পিপুলবাৰী দ্বিতীয় খণ্ড গাওঁৰ এজনী সুলভ মূল্যৰ দোকানী আছিয়া খাতুনে চৰকাৰী চাউলৰ ৰমৰমীয়া কলা বেহা চলাই আছে। ৰাইজে সোনকালে এইগৰাকী সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে এজন সৎ মানুহক দায়িত্ব দিবলৈ আহ্বান জনায়।
লগতে পঢ়ক :Chhath Puja 2024 : ৰাজ্যত চলিছে ষট পূজাৰ আয়োজন;ষট পূজাকলৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি