Local, Vocal, Global

Farmers’ Protest: হাৰিয়ানাৰ ৭ খন জিলাত স্থগিত মোবাইল ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক, ১৪ : মঙলবাৰে দিল্লীত আৰম্ভ হয় কৃষকৰ ‘দিল্লী চলো’ আন্দোলন । কৃষকৰ ‘দিল্লী চলো’ আন্দোলনৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানা চৰকাৰে সাতখন জিলাত ম’বাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি(Haryana extends mobile internet ban in 7 districts till Feb 15) ৷

নিষেধাজ্ঞা জাৰি কৰা জিলাকেইখন হ’ল ফতেহাবাদ, আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ আৰু ছিৰছা । জানিব পৰা মতে, ১৫ ফেব্ৰুৱাৰীলৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

এই ঘটনা সন্দৰ্ভত হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সম্পাদক টি ভি এছ এন প্ৰসাদে কয়, ” ফতেহাবাদ, আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ আৰু ছিৰছা জিলাসমূহত ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে, যি উৰা বাতৰিয়ে ৰাজহুৱা ক্ষেত্ৰত ব্যাঘাত জন্মোৱা, ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতি আৰু ৰাজহুৱা আইন-শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা আছে ।”

যাৰ ফলত আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফাতেহাবাদ আৰু ছিৰছা জিলাত ভইচ কলৰ বাহিৰে মোবাইল নেটৱৰ্কত প্ৰদান কৰা ম’বাইল ইণ্টাৰনেট সেৱা, বাল্ক এছএমএছ (বেংকিং আৰু মোবাইল ৰিচাৰ্জ বাদ দি) আৰু সকলো ডংগল সেৱা ইত্যাদি বন্ধৰ ঘোষণা কৰা হৈছে(Haryana Extends Suspension Of Mobile Internet Services In 7 Districts Till Feb 15) ।

লগতে পঢ়ক : Ali Aye Ligang: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং