Local, Vocal, Global

Haryana Assembly Election 2024 : আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ;পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক,৫অক্টোবৰ : আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৯০ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ। সন্ধিয়া ৬-০০ বজালৈকে ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব(Haryana Assembly Election 2024)।

এইবাৰৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ৯০ আসনৰ বাবে মুঠ ১০৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ২০,৬৩২ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বমুঠ ২,০৩,৫৪,৩৫০ গৰাকী ভোটাৰে ভোটদান কৰি নিৰ্ণয় কৰিব ১০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

এইবাৰৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী হিচাপে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী নায়ব সিং ছাইনী, কংগ্ৰেছৰ ভূপেন্দ্ৰ হুদা, জেজেপিৰ দুষ্যন্ত চৌটালা, প্ৰাক্তন তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গা EVMত বন্দী হ’ব ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভাগ্য নিৰ্ণয় হ’ব নায়ব সিং ছৈনী, ভূপেন্দ্ৰ সিং হুদা, দুষ্মন্ত চৌতালাৰ।টৰ নাম। এইকেইগৰাকী প্ৰাৰ্থীৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

EVMত বন্দী হ’ব ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভাগ্য নিৰ্ণয় হ’ব নায়ব সিং ছৈনী, ভূপেন্দ্ৰ সিং হুদা, দুষ্মন্ত চৌতালাৰ।

লগতে পঢ়ক : ED summons ex-cricket captain Mohammed Azharuddin : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনলৈ EDৰ চমন