Local, Vocal, Global

Hari Prasad Hazarika Passed Away : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক, ১০জানুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান। আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰই(Hari Prasad Hazarika Passed Away) ।

উল্লেখ্য যে, কলিয়াবৰৰ নিবাসী হাজৰিকাই কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰথমগৰাকী মুখ্য সচিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাবছৰো প্ৰধান সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সংঘক সন্মুখৰ পৰা সু-নেতৃত্ব দি আহিছিল।

দীৰ্ধ দিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক গৰাকী । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ যথেষ্ঠখিনি কৰিছিল বাপগৰাকীয়ে।

প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ বিয়োগত শোকৰ ছা পেলাইছে শংকৰদেৱ সংঘত। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শোক প্ৰকাশ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপৰ।

লগতে পঢ়ক : Assamese Music Maestro Bhupen Uzir Passes Away : আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত ভূপেন উজীৰৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব