Happy Propose Day 2025: আজি ৮ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ দ্বিতীয়টো দিন অৰ্থাৎ প্ৰপ’জ ডে’

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : আৰম্ভ হ’ল প্ৰেমৰ সপ্তাহ। সন্মুখত আছে ভেলেণ্টাইনছ ডে’। নিজৰ সংগীক লৈ প্লেন কৰি ৰাখিছে বহুতেই। এই সপ্তাহটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে প্ৰেমিক-প্ৰেমিকাসকলে। ফেব্ৰুৱাৰী মাহটোক প্ৰেমৰ মাহ বুলি কোৱা হয় আৰু এই মাহতে পালন কৰা হয় ভেলেণ্টাইন ডে’
প্ৰেমৰ সপ্তাহৰ আজি দ্বিতীয়টো দিন (Valentines day)। আজি ৮ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ দ্বিতীয়টো দিন অৰ্থাৎ প্ৰপ’জ ডে’।
যদি আপুনি কাৰেবাৰ ভাল পাই আছে ।যদি আজি আপুনি মনৰ কথা প্ৰকাশ কৰিম বুলি ভাবিছে তেন্তে আজিয়ে উত্তম দিন।
কিন্তু আপুনি নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ আগত জানি লওক এই কথা(Happy Propose Day 2025)৷
কাৰণ কাৰোবাক ভালপোৱাটো অতি সহজ, কিন্তু প্ৰকাশ কৰাটো অত্যন্ত কঠিন । কিন্তু, এইটোও কোৱা হয়, যদি আপুনি কাৰোবাক বহুত ভাল পায়, তেন্তে আপুনি সেই ব্যক্তিগৰাকীক আপোনাৰ অন্তৰৰ কথা পলম নকৰাকৈ কোৱাটো উচিত । গতিকে আজি আপুনি প্ৰিয়জনক কেনেকৈ নিজৰ মনৰ কথাখিন প্ৰকাশ কৰিব জানি লওক ।
কেণ্ডেল লাইট ডিনাৰৰ প্লেনিং কৰক
আজি আপুনি আপোনাৰ মন পছন্দৰ সংগীৰ লগত Candle Light Dinnerৰ কৰিবলৈ লৈ যাব পাৰে, যাতে তেওঁ বিশেষ অনুভৱ কৰিব পাৰে।
ফিল্মী ষ্টাইলত প্ৰ’পজ কৰা
যদি আপুনি ইচ্ছা কৰে তেন্তে আপুনি বলীউড ষ্টাইলতো আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেমৰ ভাৱ প্ৰকাশ কৰিব পাৰে ।
চিনেমাৰ ডেটত যাওক
চিনেমাৰ ডেটো প্ৰেম প্ৰকাশৰ এটা ভাল বিকল্প হ’ব পাৰে। ইয়াৰ বাবে আপুনি তেওঁৰ সৈতে এখন ৰোমান্টিক চিনেমা চাব পাৰে আৰু এই সময়ত আপুনি আপোনাৰ ক্ৰাছক আপোনাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে ।
নিবিড় মুহূৰ্ত কটাওক
আপুনি আপোনাৰ মন মন পছন্দৰ সংগীক বিশেষ অনুভৱ কৰাওক আৰু আপোনাৰ মনৰ কথা ক’বলৈ কুণ্ঠাবোধ নকৰিব ।আপুনি মন পছন্দৰ মানুগৰাকীৰ লগত সময় কটাওক।