Happy New Year 2025: পুৰণিক বৰ্ষক বিদায় ,নতুনক বছৰক আদৰণি
নিউজ ডেস্ক,২জানুৱাৰী : পুৰণিক বৰ্ষক বিদায় ,নতুনক বছৰক আদৰণি । জীৱন মানে কেতিয়াবা সুখ কেতিৱাবা দুখ। তাৰ মাজতেই হাঁহি ধেমালীৰে পাৰ কৰিব লাগে জীৱনটো।
পুৰণি বছৰটোক বিদায় আৰু নতুন বছৰক আদৰণি!
এক কথাত ক’বলৈ গ’লে এতিয়া চৌদিশে পুৰণিক । বিদায় দি নতুন আদৰাৰ ব্যাপক প্ৰস্তুতি।নতুন বছৰত আমি সকলোৱে সকলো ভাল হোৱাটোৱেই বিচাৰো, নহয় জানো !পুৰণাবোৰ পাহৰি নতুনক প্ৰধান্য দিয়ক !জীৱনক উপভোগ কৰিবলৈ লওক(Happy New Year 2025)।
২০২৫ ৰ আপোনাৰ ৰিজলিয়েচন কি বাৰু ?চাৰিওপিনে আনন্দয়ে আনন্দ
লগতে নতুন বছৰটোত কেইটামান সংকল্প লও আহক। কেতিয়াও কোনো ক্ষেত্ৰতে আনৰ লগত নিজক তুলনা নকৰিব ৷
এনে কৰিলে কেতিয়াও সুখী হ’ব নোৱাৰিব৷ নিজৰ যি আছে তাতেই সন্তষ্ট থাকক ৷ বৰ শান্তি পাব ৷ সমালোচনা নকৰিব ৷ আনৰ সমালোচনা কৰা মানে হেনো আনৰ ময়লা নিজৰ গাত সানি লোৱা৷ এইটো খুবেই বেয়া অভ্যাস৷ আনে কোৱা কথাক লৈ গুৰুত্ব দিয়া বন্ধ কৰক৷ নিজৰ মনৰ সুখক প্ৰাধান্য দিয়ক৷ নিজক ভাল পোৱা আৰম্ভ কৰক ৷
সদায় মনটো ফূৰ্তিৰে ভৰাই ৰাখক৷ দেখিব মন ভাল মানে চাৰিওপিনে আনন্দয়ে আনন্দ, সুখৰ পৰিৱেশ ৷মন ভাল থাকিলে দেহটোও ভালে থাকে৷বছৰত যদি কৰা নাই নতুন বছৰত নিজৰ শৰীৰটোক এঘণ্টা হ’লেও দিয়া আৰম্ভ কৰক ৷ সেই এঘণ্টা সকলো টেনচন পাহৰি শৰীৰ চৰ্চা কৰক৷ দেখিব দেহৰ লগতে মন মগজুও পাতল হৈ গৈছে৷ সতেজ অনুভৱ কৰিব৷
সমস্যা আহিব আৰু যাব৷ সেইবুলি সদায় সমস্যাক লৈয়ে ব্যস্ত নাথাকিব৷ ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানটো নষ্ট নকৰিব৷ নিজৰ লগতে পৰিয়ালটোকো সময় দিব৷ একেলগে বহি হাঁহি ধেমালি কৰক,হাঁহি বহু বেমাৰৰ ঔষধ৷ কৰবালৈ ওলাই যাওঁক, নতুন নতুন ঠাই এক্সপ্লোৰ কৰক৷ ইয়াৰ লগতে ভগৱানক কেতিয়াও নেৰিব৷ তেওঁৰ ওপৰত সদায় বিশ্বাস ৰাখিব৷
নতুন বছৰটোত সকলোৱে ভালে থাকক কুশলে থাকক সদায়, তাৰে কামনাৰে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছাঁ সকলোলৈকে।