Local, Vocal, Global

Happy New Year 2024 : আৰম্ভ হ’ল ইংৰাজী নৱবৰ্ষ ২০২৪

আৰম্ভ হ’ল ইংৰাজী নৱবৰ্ষ ২০২৪ । বিশ্ববাসীয়ে উলহ মালহেৰে উদযাপন কৰিব আজি ইংৰাজী নৱবৰ্ষ ২০২৪ চনৰ আগমনৰ এই পহিলা দিনটো ।

প্ৰতিজন দেশবাসীয়ে ২০২৩ চনক বিদায় দি নতুন আশাৰে নিজৰ জীৱনটোক লৈ ভাবিছে বহু সপোন ।

বিগত বৰ্ষৰ প্ৰতিটো ঘাট-প্ৰতিঘাট পৰিহাৰ কৰি নতুন বছৰত নতুন সংকল্প লৈ আগুৱাই যোৱাত মন বান্ধিছে এতিয়া প্ৰতিজনে ।

সমান্তৰালকৈ নতুন বছৰৰ উদযাপনৰ বাবে এতিয়া ঢাপলি মেলিছে বহুতে বনভোজ স্থলীলৈ(Happy New Year 2024) ।

ব্যাপক উছাহ উদ্দীপনাৰে আনন্দ স্ফূটিৰে ৰাজ্যৰ বনভোজস্থলী এতিয়া উখল মাখল পৰিৱেশ গীতৰ তালে তালে নৃত্যৰ বহু ৰূপী ভংগীমাত হৈ পৰিছে আপোন পাহৰা ।নৈসগিক পৰিৱেশ নান্দনিক পৰিৱেশ উপভোগ কৰিছে ।

নিজৰ আপোন জনৰ লগত আনন্দ স্ফূটিৰে অতিবাহীত কৰিব নৱ বৰ্ষৰ পহিলা দিনটো । আন একাংশই আকৌ নতুন বছৰটো ভালে কুশলে অতিক্ৰম কৰিবলৈ উপস্থিত হ’ব তীৰ্থ স্থান সমূহত ।

এক আধ্যাত্মিকতাৰ ভাৱ ধাৰাৰে মগন হৈ পৰিছে ঈশ্বৰৰ শ্ৰী চৰণত ।এটাই কামনা মনে বিচৰা ধৰণে প্ৰাপ্তিৰ আশা ।

মুঠৰ ওপৰত প্ৰতিজনেই এতিয়া আপোন পাহৰা হৈ স্বাগতম জনাইছে ইংৰাজী নৱবৰ্ষক । আমিও আশা কৰো নৱবৰ্ষৰ পৰাই সমাজৰ পৰা সকলো দুখ দুদৰ্শা নাশ হৈ ঘূৰি আহক শান্তি সম্পীতি আৰু ঐশ্বৰ্য্যৰ ভঁৰাল ।