Local, Vocal, Global

Happy Birthday Himanta Biswa Sarma : আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৫সংখ্যক ওপজা দিন

নিউজ ডেস্ক, ১ফেব্ৰুৱাৰী : আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৫সংখ্যক ওপজা দিন (Happy Birthday Himanta Biswa Sarma)। ১৯৬৯ চনৰ ১ফ্ৰেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে মঙলবাৰৰ বিয়লিৰ পৰাই দিছপুৰস্থ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত দেখা যায় অভূতপূৰ্ব আয়োজন ৷ মুখ্যমন্ত্ৰী চৰকাৰী আৱাসৰ কেউদিশে বিশাল ৰভা তৰি এই জন্মদিনৰ আয়োজন কৰা হৈছিল ৷

মুখ্যমন্ত্ৰী গৰাকীক জন্মদিন শুভেচ্ছা দিবলৈ নিশাৰ ভাগলৈ শুভাকাংক্ষীৰ আগমন ঘটে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ নিশা ঠিক ১২ বজাৰ লগে লগে এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা ১২ বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

সামাজিক মাধ্যমো বিভিন্নজনে শুভেচ্ছা দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

লগতে পঢ়ক : Former Pakistani PM Imran Khan gets 14 years prison sentence : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক দুৰ্নীতিৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ড !