Local, Vocal, Global

WATCH | Hanuman Jayanti 2025 : আজি হনুমান জয়ন্তী;বকোৰ ধূপগুৰী হনুমান মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত

বকো,১২এপ্ৰিল : আজি হনুমান জয়ন্তী। হিন্দু দেৱতা ৰামায়ণৰ অন্যতম নায়ক হনুমানৰ জন্ম উদযাপন কৰা হিন্দু উৎসৱ। ভাৰতৰ প্ৰতিখন ৰাজ্যতে সময় আৰু পৰম্পৰা অনুসৰি হনুমান জয়ন্তীৰ উদযাপনৰ কৰা হয়। চ’ত মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয় হনুমান জয়ন্তী(anuman Jayanti 2025)।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বকোৰ ধূপগুৰী হনুমান মন্দিৰত উদযাপনৰ কৰা হৈছে হনুমান জয়ন্তী। অযুত বিশ্বাস আৰু প্ৰত্যয়ৰ বতৰা লৈ কামৰূপ, গোৱালপাৰা জিলাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা হয় ভক্ত। এনেদৰে পুৱাৰে পৰা দেখা যায় ভক্ত প্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত।

লকো বিশ্বাস অনুসৰী ভগৱান ৰূপে মানি অহা হনুমানৰ জন্ম দিনটোত অতীজৰে পৰা পালন কৰি আহিছে এই হনুমান জয়ন্তী। হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰখৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।

লগতে পঢ়ক : WATCH | Waqf Act 2025 : ঢেকীয়াজুলিত ৱাকফ আইন বাতিলৰ দাবীত ৰাইজৰ গণ প্ৰতিবাদ