Local, Vocal, Global

Hamburg airport closed after armed man breaches security : নিৰাপত্তাৰ বেষ্টনী ভাঙি বিমানবন্দৰত গুলীচালনা,গুলীচালনাক কেন্দ্ৰ কৰি বিমানবন্দৰত তীব্ৰ উত্তেজনা

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ নৱেম্বৰ : নিৰাপত্তাৰ বেষ্টনী ভাঙি বিমানবন্দৰৰ টাৰ্মিনেলত গুলীচালনা । গুলীচালনাক কেন্দ্ৰ কৰি বিমানবন্দৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা । বাতিল কৰা হয় বিমান উৰণ আৰু অৱতৰণ ।

জাৰ্মানীৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় হেমবাৰ্গ বিমানবন্দৰত তীব্ৰ উত্তেজনা । বিমানবন্দৰৰ টাৰ্মিনেলত এজন লোকৰ গুলীচালনা ।

প্ৰাপ্ত তথ্য অনুসৰি, হঠাতে এজন ব্যক্তিয়ে বিমানবন্দৰৰ গেট ভাঙি বাহনৰ সৈতে বিমানবন্দৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু গুলীচালনা কৰে । লগে লগে সকলো টাৰ্মিনেলৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হয় ।

জানিব পৰা মতে, ১ নম্বৰ টাৰ্মিনেলৰ সন্মুখত লোকজনক বাহনখনৰ সৈতে দেখা গৈছিল । নিৰাপত্তাজনিত কাৰণত ৪ নৱেম্বৰত বিমানবন্দৰটোত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে । প্ৰভাৱিত যাত্ৰীসকলক পোনপটীয়াকৈ এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈও কৰ্তৃপক্ষই অনুৰোধ জনাইছে(Hamburg Airport Closed After Armed Man Drives Onto Tarmac) ।

লক্ষণীয়ভাৱে পৰ্যাপ্ত নিৰাপত্তা বেষ্টনী থকাৰ পাছতো লোকজনে বাহনখনৰ সৈতে কেনেকৈ গেট ভাঙি বিমানৰ পাৰ্কিং স্থানত প্ৰৱেশ কৰে তাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।এই ঘটনাটোৰ পাছতে বিমানবন্দৰত যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়(Hamburg airport closed after armed man breaches security) ।

উল্লেখ্য যে, বাহনখনত অচিনাক্ত লোকজনৰ সৈতে দুটা শিশুও আছিল ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বন্দুকধাৰী লোকজনে শনিবাৰে নিশা প্ৰায় ৮ বজাত এখন গেট ভাঙি বিমানবন্দৰৰ এপ্ৰনত প্ৰৱেশ কৰে । এপ্ৰন হৈছে বিমানবোৰ ৰখাই থোৱা স্থান । য’ত বিমানখনৰ পৰা সামগ্ৰী আনলোড কৰা হয় আৰু ইন্ধন ভৰোৱা হয়(Germany’s Hamburg airport closed after armed man breaches security) ।

আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছিল । পৰিস্থিতিৰ মূল্যায়নো কৰিছে আৰক্ষীয়ে । গুলীচালনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । কিন্তু বিমানবন্দৰ কৰ্তৃপক্ষই লগে লগে বিমানৰ কাৰ্যকলাপ বন্ধ কৰি দিয়ে । বিমানবন্দৰৰ এগৰাকী বিষয়াৰ মতে এই ঘটনাৰ ফলত প্ৰায় ২৭ খন বিমানৰ যাত্ৰা প্ৰভাৱিত হয় ।

আৰক্ষীৰ তথ্য অনুসৰি গুলীচালনাৰ পাছত লোকজনে বাহনখনৰ পৰা দুটা জলন্ত বটল দলিয়াইছিল । ইফালে নিৰাপত্তা বাহিনীয়ে লোকজনক চিনাক্ত কৰাৰ পূৰ্বে তেওঁৰ পত্নীয়ে আৰক্ষীক ফোন কৰি জনাইছিল যে তেওঁৰ স্বামীয়ে দুই শিশুৰ সৈতে বিমানবন্দৰলৈ গৈ আছে । মহিলাগৰাকীয়ে দাবী কৰা মতে শিশু কেইটাক লোকজনে অপহৰণ কৰিছিল(Armed Man Holds 2 Children As Hostage & Opens Fire At Hamburg Airport, Germany) । ঘটনাটোৰ পাছতে আৰক্ষীৰ হেলিকপ্টাৰ মোতায়েন কৰা হয় আৰু জিএছজি ৯ আৰক্ষী বাহিনীয়ে দুই শিশুক উদ্ধাৰৰ বাবে অভিযান চলায় । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : ULFA (I) cadre surrendered : নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ