Hamas leader Ismail Haniyeh killed in Tehran : হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা;ইৰাণত ঘৰত সোমাই ইছমাইল হানিয়েক শেষ কৰিলে ইজৰাইল সৈন্যই

ইণ্টাৰনেশ্যনেল ডেস্ক,৩১জুলাই : হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা। ইৰাণত ঘৰত সোমাই ইছমাইল হানিয়েক শেষ কৰিলে ইজৰাইল সৈন্যই। ইৰাণ সেনাই প্ৰকাশ কৰিছে এই তথ্য।
হামাছৰ এক বিবৃতিত দাবী কৰা হৈছে যে বুধবাৰে পুৱা হানিয়াৰ ডেৰাত এই আক্ৰমণ সংঘটিত কৰা হৈছে। অৱশ্যে কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া নিশ্চিত হোৱা নাই। অৱশ্যে হামাছে দাবী কৰিছে যে হানিয়াৰ মৃত্যুৰ বাবে ইজৰাইল দায়ী। অৱশ্যে এই সন্দৰ্ভত ইজৰাইল চৰকাৰে এই পৰ্যন্ত কোনো বিবৃতি প্ৰকাশ কৰা নাই।
হামাছ আৰু ইৰাণী সেনাবাহিনীৰ বিবৃতিত দাবী কৰা হৈছে যে হানিয়াৰ ঘৰত “জায়নিষ্ট” প্ৰৱেশ কৰি আক্ৰমণ সংঘটিত কৰিছিল। ঘটনাৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য, ইৰাণৰ নতুন ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হানিয়াই তেহৰাণলৈ গৈছিল(Hamas leader Ismail Haniyeh killed in Tehran)।
বিগত সময়ত ইজৰাইলী সেনাই হানিয়াৰ পৰিয়ালৰ কেইবাজনো সদস্যক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। চলিত বৰ্ষৰ জুন মাহত তেওঁলোকে উত্তৰ গাজাৰ আল-ছাতি শৰণাৰ্থী শিবিৰৰ সমীপৰ হানিয়াৰ পৰিয়ালৰ ঘৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল। সেই আক্ৰমণত হানিয়াৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হৈছিল। ইজৰাইলৰ সেনাৰ আক্ৰমণত তেওঁৰ তিনি পুত্ৰ নিহত হয়। তাৰ আগতে হানিয়াৰ ভাতৃ আৰু ভতিজাও গাজাত ইজৰাইলৰ আক্ৰমণৰ বলি হৈছিল(Hamas Political Bureau Chief Ismail Haniyeh killed in Tehran)।
ইজৰাইলে বিগত ১০ মাহ ধৰি গাজাত বোমা বিস্ফোৰণ কৰি আহিছে। গাজা চহৰখন কাৰ্যতঃ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। আল জাজিৰাই মৃত্যুৰ সংখ্যা ৩৮,৮৪৫ বুলি প্ৰকাশ কৰিছে। প্ৰায় ৮৮,২০০ লোক আহত হয়। অৱশ্যে আন সূত্ৰৰ মতে ইতিমধ্যে মৃত্যুৰ সংখ্যা ১ লাখ ৮৬ হাজাৰৰো অধিক হ’ব পাৰে।
লগতে পঢ়ক : Dead body of missing 12-year-old boy found in Sadiya : শদিয়াত উদ্ধাৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ