Local, Vocal, Global

Half-decomposed body of a man recovered at his residence: নিজ বাসগৃহতে উদ্ধাৰ এজন লোকৰ অৰ্ধগলিত মৃতদেহ

নিউজ ডেস্ক,৪নৱেম্বৰ : পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

মহানগৰীৰ মালিগাঁৱৰ ১নং গে’টত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ।নিজ বাসগৃহতে উদ্ধাৰ এজন লোকৰ অৰ্ধগলিত মৃতদেহ।উদ্ধাৰ হোৱা মৃতদেহটো অকন দাসৰ বুলি জানিব পৰা গৈছে(Half-decomposed body of a man recovered at his residence)।

খবৰ অনুসৰি, বাসগৃহৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছত জ্যেষ্ঠ ভাতৃয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো। ভাতৃয়ে জনোৱা অনুসৰি, প্ৰায় ৪-৫ দিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।ঘৰটোত অকলেই আছিল মৃত অকন দাস।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হয় আৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক :Assam Police Seize Heroin and Yaba Tablets Worth ₹7 Crore: ধলাইত জব্দ ৭ কোটি টকাৰ ড্ৰাগছ;আটক সৰবৰাহকাৰী