Local, Vocal, Global

Hajo youth missing: অৰুণাচলৰ পৰশুৰাম কুণ্ড লৈ গৈ সন্ধানহীন হাজোৰ যুৱক

হাজো, ১ফেব্ৰুৱাৰী : তীৰ্থভ্ৰমণ লৈ গৈ সন্ধানহীন হাজোৰ যুৱক(Hajo youth missing) ৷

স্বামীৰ সন্ধান বিচাৰি হাজো আৰক্ষী থানাৰ চৌহদত পত্নীৰ হিয়া ভঙা কান্দোন ৷

অৰুণাচলৰ পৰশুৰাম কুণ্ড লৈ গৈছিল হাজোৰ বাগটাৰ নকুল দাস নামৰ যুৱক জন৷ ২৭ জানুৱাৰীতবাগটাৰ শংকৰ দাসে ৪০ জন তীৰ্থযাত্ৰীৰ লগত লৈ গৈছিল নকুলক ৷ তাৰ পিছতে সন্ধানহীন হৈ পৰে নকুল।

নকুলৰ সন্ধানহীনৰ খবৰ পাই পত্নীয়ে হুকহুকাই কান্দি হাজো আৰক্ষীক সন্ধান উলিয়াবলৈ অনুৰোধ জনাই৷ দিনহাজিৰা কৰা নকুল দাসক হেৰুৱাই পত্নী এতিয়া যেন দিশহাৰা(Hajo youth missing after going on pilgrimage) ৷

বাগ্‌টা গাওঁবাসীৰ আশা নকুল দাস সোনকালে উভতি আহক পৰিয়ালৰ মাজলৈ আৰু নকুল দাসৰ কোনোবাই দেখিলে ৯১০১৩১৪০২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান ৷

ইফালে শংকৰ দাসে জানিবলৈ দিয়া অনুসৰি পৰশুৰাম কুণ্ডৰ পৰা নকুল দাস নোহোৱাৰ পিছতেই অৰুণাচল আৰক্ষীক অৱগত কৰিছিল লগে লগে অৰুণাচল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নকুল দাসক বিচাৰিছিল৷

নকুল দাসৰ বয়স আছিল ৪৫ বছৰ পৰিয়াল বৰ্গই হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই হাজোৰ আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Theft in Hajo: হাজোৰ শ্ৰীশ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস