Local, Vocal, Global

WATCH | Hajo Protest : হাজোৰ মনাহকুছিৰ ৰাজপথত উত্তাল প্ৰতিবাদ

হাজো,৫জুন : হাজোৰ মনাহকুছিৰ ৰাজপথত উত্তাল প্ৰতিবাদ।

মনাহকুছি পঞ্চায়তৰ সন্মুখত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদ ।

শ শ মহিলাই আজি দমদমা-ডিমু ৰাজপথৰ ওপৰত বহি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Hajo Protest)।

অৰুণোদয় আঁচনি আমাক লাগিবই, মনাহকুছি পঞ্চায়তত দালাল ৰাজ নচলিব বিভিন্ন শ্লোগানে উত্তাল কৰি তোলে মনাহকুছিৰ ৰাজপথ।

অৰুণোদয় আঁচনি বিচাৰি মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ বঞ্চিত মহিলা সকলৰ।

অৰুণোদয় আঁচনিৰ বাচনি প্ৰক্ৰিয়াত যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ বঞ্চিত মহিলাৰ।

দুখীয়া দৰিদ্ৰ লোকৰ পৰিৱৰ্তে ধনী লোকে অৰুণোদয় আঁচনি লাভ কৰাৰ উপৰিও প্ৰাপ্য হিতাধিকাৰীয়ে আঁচনি পৰা বঞ্চিত হোৱাৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে পঢ়ক : WATCH | Sensational incident : মানকাচৰত বোৱাৰীৰ ৰহস্যজনক মৃত্য়ু