Local, Vocal, Global

WATCH | Hajo News : এইবাৰ হাৰ্ডৱেৰ দোকানৰ ভিতৰত আবদ্ধ চোৰাং গৰু

হাজো,১৮মাৰ্চ : এইবাৰ হাৰ্ডৱেৰ দোকানৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল চোৰাং গৰু। গৰু চোৰক কেন্দ্ৰ কৰি শুৱালকুছিৰ কলিতা পাৰাত উত্তপ্ত পৰিস্থিতি।

জানিব পৰা মতে, উক্ত দোকান খন হাজোৰ দামপুৰৰ আমডলা পাৰৰ ৰাহুল আলী নামৰ এগৰাকী লোকে ভাড়াত লৈ চলাই আছিল এখন হাৰ্ডৱেৰ দোকান । উক্ত দোকানখনতে আৱদ্ধ কৰি ৰাখিছিল চোৰাং গৰু(Hajo News)।

নিশা বন্ধ দোকানৰ ভিতৰত আবদ্ধ কৰি ৰখা গৰুৰ সম্ভেদ লাভ কৰে স্থানীয় ৰাইজে। উক্ত ঘটনাক লৈ নিশা এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। পুৱা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰি কৰা গাই গৰুটো গৰাকীক চমজাই দিয়াৰ লগতে বিপণিখন চীল কৰি দিয়ে । সাময়িকভাবে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও এতিয়াও চেপা উত্তেজনা আব্যাহত আছে।

লগতে পঢ়ক : WATCH : Jamugurihat News : ধনদাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল নিউজ পৰ্টেলৰ সাংবাদিক