WATCH | Hajo News: হাজোত পুঠিমাৰী নদীত গৰাখহনীয়া ৰোধৰ চেষ্টা ২নং শৌলমাৰী ৰাইজৰ

হাজো,৬মাৰ্চ : হাজোত পুঠিমাৰী নদীত গৰাখহনীয়া ৰোধৰ চেষ্টা ২নং শৌলমাৰী ৰাইজৰ।
বাঁহ গছ মেছিনেৰে পুটি গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ।
১৯২১ চনতে স্থাপিত ৪০৩ নং ফুলতোলা প্ৰা: বিদ্যালয় খন গৰাখহনীয়াৰ কৱলত।
হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ ২নং শৌলমাৰীত অৱস্থিত ১০৪ বছৰীয়া এখন পুৰণি বিদ্যালয়।
গৰাখহনীয়া পৰা মাত্ৰ ৫০ ফুট নিলগত বিদ্যালয় খন(Hajo News)।
বাৰিষা আহিলে গৰাখহনীয়া কৱলত নিশেষ হোৱা আকাংক্ষা এখন ১০৪ বছৰীয়া প্ৰাথমিক বিদ্যালয়।
২নং শৌলমাৰীত অৱস্থিত ৪০৩ নং ফুলতোলা প্ৰা: বিদ্যালয় খন গৰাখহনীয়াৰ কৱলত।
বিদ্যালয় খনৰ লগতে গাওঁ খন গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষাকৰাৰ চেষ্টা গাঁওবাসীৰ।
ৰাইজে গাঠিৰ ধন খৰছ কৰি বাঁহ গছ পুতি গৰাখহনীয়া ৰোধৰ চেষ্টা।
গৰাখহনীয়া ৰোধৰ বাবে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ীকা সুমন হৰিপ্ৰিয়াক ৰাইজে বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ
পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বাণনিয়ন্ত্ৰ বিভাগৰ মন্ত্ৰীক ৰাইজৰ অনুৰোধ এখন ঐতিহাসিক বিদ্যালয় গৰাখহনীয়া কৱলৰ পৰা ৰক্ষাকৰাৰ ব্যৱস্থা কৰে যেন।
লগতে পঢ়ক : WATCH | Hajo News: অসম মালা আঁচনিৰ এটা নৱনির্মিত পথে জ্বলা কলা খুৱাইছে হাজোৰ বিষ্ণুপুৰ বাসী ৰাইজক