Local, Vocal, Global

WATCH | Hajo News : হাজোত জৰাজীৰ্ণ পথ ! বিভাগীয় নীতিক বুঢ়া আঙুলি ঠিকাদাৰৰ

হাজো,১জুন : হাজোত ঠিকাদাৰৰ মইমতালিৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজ তথা ছাত্ৰ-ছাত্ৰী।

পুন নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ এবছৰ উকলি যোৱাৰ পাছতো আজিলৈ কামেই নকৰিলে হাজোৰ সাতদলাৰপৰা শিমলুতল বাগটা চকলৈ যোৱা পথ। পথৰ মাজত বৃহৎ বৃহৎ গাঁত। পথত একাঠু পানী। সঘনাই পথটোৰ গাঁতত গাড়ী সোমাই সংঘটিত হৈছে দুৰ্ঘটনা(Hajo News)। আশ্চৰ্যজনক কথাটো হ’ল বিগত এবছৰ পূৰ্বে Bright Engineers নামৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৫ কোটিৰো অধিক ধন ধাৰ্য কৰি লাভ কৰিছিল পুনঃনিৰ্মাণৰ অনুমোদন।

কিন্তু আজিলৈ আৰম্ভ নকৰিলে পুনঃনিৰ্মাণৰ কাম। বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱালেও ঠিকাদাৰ আৰু নিৰ্মাণকাৰী প্ৰতিস্থানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস নাই হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ। কি যাদুৰ বাবে ৰাইজক যাতনা দি ঠিকাদাৰলৈ ইমান দৰদ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা তথা উচ্চ বিষয়াবৰ্গৰ সেয়াহে ৰহস্যৰ বিষয়। যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে হাজো আৰু ৰঙিয়া সমষ্টিৰ দৈনিক ২০ খনতকৈ অধিক গাঁৱৰ বাসিন্দাৰ।

উপায়হীন ৰাইজৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ সোনকালে পথটি পুননিৰ্মাণৰ ব্যৱস্থা কৰক। পথৰ মাজৰ বৃহৎ বৃহৎ গাঁত আৰু একাঠু পানীয়ে যমৰ যাতনা দিছে পথচাৰী তথা ছাত্ৰ-ছাত্ৰীক।

লগতে পঢ়ক : WATCH | Meghalaya News : মেঘালয়ৰ কুলিয়াঙত ভূমিস্খলন