WATCH | Hajo News : Attention পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া

হাজো,২৯মে’ : Attention পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া ।
কি চলিছে আপোনাৰ গ্ৰামোন্নয়ন বিভাগত?
দুপৰীয়া বাৰ বজালৈ কৰ্মচাৰী নহা এটি চৰকাৰী কার্য্যালয়।
অসমৰ এটি বিয়াগোম বিভাগৰ একাংশ চৰকাৰী বেতন ভোগী কৰ্মচাৰীৰ কাহিনী এয়া।
নিজৰ কৰ্মত ফাঁকি দি কেৱল মাত্ৰ দৰমহা লোৱা কৰ্মচাৰী ক’ত কাৰ্যনিৰ্বাহ কৰি আছে(Hajo News)।
এয়া হৈছে সামাজিক মাধ্যয়মত বহু চৰ্চিত হৈ থকা মন্ত্ৰী ৰঞ্জিত দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা।
ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কঞা বৰপুল্লা গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ কৰ্মৰ নমুনা।
দুপৰীয়া ১২ বজালৈ কাৰ্য্যলয়ত উপস্থিত নাই সৰহ সংশয়ক কৰ্মচাৰী।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাহিৰে পঞ্চায়ত খনৰ সচিব,অভিযন্তা,কৰ সংগ্ৰহক,জী পি চি,গনানিক বিষয়া,কোনো এজন উপস্থিত নহল কাৰ্যলয়ত।
বিষয়া কৰ্মচাৰীৰ চকী টেবুল সমূহ খালী হৈ পৰি ৰোৱা কার্যালয় চৌহদত এক মৰিশালী নিস্তাবদাতাই বিৰাজমান হৈ পৰিছে।
দমে দমে চৰকাৰী ফাইল টেবুলত ৰৈছে যদিও ভ্ৰূক্ষেপ নাই পঞ্চায়ত খনৰ কৰ্মচাৰীৰ।
বিভিন্ন আঁচনি পঞ্চয়তৰ যোগেদি হিতাধিকাৰ মাজত যায় যদিও কঞা বৰপুল্লা গাওঁ পঞ্চযত দেখা গৈছে কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা।
পিছে এই সকল কৰ্মচাৰীৰ বিৰুদ্ধে ৰঙিয়া উন্নয়ন খণ্ডই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।
লগতে পঢ়ক : WATCH | Vikshit Krishi Sankalp Abhiyan : ডিব্ৰুগড় জিলাত ‘বিকশিত কৃষি সংকল্প অভিযান’