Local, Vocal, Global

WATCH | Hajo News : নিশা হাজোৰ বৰম্বৰ ৰাজপথত এজাক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

হাজো,২৬মে’ : নিশা হাজোৰ বৰম্বৰ ৰাজপথত এজাক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ।

এগৰাকী ১৪ বছৰীয়া ছাত্ৰী সন্ধানহীন হোৱা ঘটনাক লৈ প্ৰতিবাদ।

উল্লেখ্য যে, হাজোৰ বৰম্বৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী যোৱা ২১ তাৰিখে অইন দিনাৰ দৰে আবেলি টিউচনলৈ গৈছিল।

কিন্তু টিউচনৰ পৰা ছাত্ৰী গৰাকী সময়তে ঘৰ আহি নোপোৱাত পৰিয়ালত লাগিল হুৱা-দুৱা(Hajo News)।

বিভিন্ন বিচাৰ-খোচাৰ কৰি ছোৱালী জনীৰ কোনো শুংসূত্ৰ নোপোৱাত উপায়ন্তৰ হৈছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ।

নিৰুদিষ্ট হৈ থকা চৈধ্য বছৰীয়া ছাত্ৰী গৰাকী উদ্ধাৰৰ বাবে নিশা ৰাজপথলৈ ওলাই আহিল ওচৰ চুবুৰীয়া ৰাইজ।

প্ৰশাসনক কাটৰ অনুৰোধ দুৰ্ভগীয় পিতৃ মাতৃৰ।

পৰিয়ালৰ লোকে ছাত্ৰ গৰাকী বাগটা গাঁৱৰ বিকি দাস নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগত হাজো আৰক্ষী থানাত দাখিল কৰিছে এজেহাৰ।

বিকি দাস নামৰ যুৱক জনক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘যোৰহাটৰ পৰা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিবলৈ বিচাৰিলে Most welcome’