WATCH | Hajo News: কামৰূপ জিলা মীন বিভাগৰ প্ৰশংসনীয় প্ৰদক্ষেপ
হাজো,২২ফেব্ৰুৱাৰী : শামুকৰ পেটত মানিক । এই আপ্ত বাক্যশাৰী যেন এতিয়া বাস্তৱত ৰূপায়িত হৈছে কামৰূপ জিলা মীন বিভাগৰ ক্ষেত্ৰত । তীৰ্থনগৰী হাজোৰ এখন ঐতিহ্যমণ্ডিত বিল পীটকাটি বিলত ICU ৰ ব্যৱস্থা কৰি হাজাৰ-হাজাৰ শামুক মেলি দিছে(Hajo News)।
শামুকৰ পৰা মানিক প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে কামৰূপ জিলা মীন উন্নয়ন বিভাগে ত্ৰিশ গৰাকী মহিলাক প্ৰশিক্ষণ দি মানিক প্ৰস্তুত কৰাৰ বাবে উপযুক্ত কৰি তুলিছে । কম সময়তে অধিক লাভবান হব পৰে এই ব্যৱসায়টোৰ জৰিয়তে ।
কিয়নো হাজোৰ নৈ-খাল-বিল আদি জলশায় বিলাকত সহজতে উপলব্ধ জনা শামুকৰ পৰা অতি উন্নত মানৰ মানিক প্ৰস্তুত কৰিব পাৰি । বজাৰত মানিকৰ যথেষ্ট পৰিমাণে চাহিদা আছে । চাহিদা অনুসৰি উৎপাদন কম হোৱাত সকলোকে শামুকৰ খেতি কৰি মানিক প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই ।
লগতে পঢ়ক :WATCH | APYC President Zubair Anam detained: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক আটক