WATCH | Hajo News : ২০২৪ চনতে নিৰ্মাণ হোৱা হাজো ষ্টেডিয়াম আজিও খেলৰ বাবে অনুপযোগী
হাজো,১৭মে’ : অসম চৰকাৰৰ ছিগনেচাৰ প্ৰকল্প উত্তৰণ আঁচনিৰ অধীনত ২০২৪ চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা হাজো ষ্টেডিয়ামখন আজিকোপতি খেলৰ বাবে অনুপযোগী হৈ আছে।
বিসংগতিৰ মাজতে ঠিকাদাৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰিলে ঠিকেই কিন্তু ষ্টেডিয়ামখন সম্পূৰ্ণ হোৱাৰ পিছতো বিগত দুটা বছৰে কোনো ধৰণৰ খেল অনুষ্ঠিত কৰিব পৰা নাই।
ষ্টেডিয়ামখনৰ বিসংগতি হৈ থকা আৰু খেলৰ বাবে উপযোগী কৰাৰ আহ্বানৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ উদ্দেশ্যৰে স্থানীয় সচেতন যুৱক এজনে এক পত্ৰ যোগে গোটেই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে(Hajo News)।
এই পত্ৰ লাভ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ততালিকে সমস্ত বিষয়টোৰ এক চৰজমিন তদন্ত কৰিবলৈ কামৰূপ জিলা আয়ুক্তক নিৰ্দেশ দিয়াত কামৰূপ জিলা জিলা ক্ৰীড়া বিভগৰ এটি দলে হাজো ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিতিত এক চৰজমিন তদন্ত কৰি এটি সোনকালে খেলপথাৰখন খেলৰ বাবে উপযোগী হ’ব বুলি আশ্বাস দিয়ে।
লগতে পঢ়ক : WATCH | Parag Kumar Das : ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন সাংবাদিক পৰাগ কুমাৰ দাসক