Local, Vocal, Global

WATCH | Hajo News : কামৰূপৰ পছৰীয়াত ৰঙালী বিহু উপলক্ষে ভেশচন প্ৰতিযোগিতা

হাজো,১৭এপ্ৰিল : কামৰূপৰ পছৰীয়াত ৰঙালী বিহু উপলক্ষে ভেশচন প্ৰতিযোগিতা।

পছৰীয়া ন-পাৰা ৰাম সৰস্বতী কৃষ্টি সংঘৰ ৬১ তম ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত কৰিছে ভেশচন প্ৰতিযোগিতা।

বৰ্তমান সমাজৰ পৰা বিলুপ্ত হৈ যাবলৈ ধৰা অসমৰ কৃষ্টি সংস্কৃতি অটুট ৰখাৰ স্বাৰ্থত ৰঙালী বিহু সমিতিয়ে আয়োজন কৰিছে ভেশচন প্ৰতিযোগিতাৰ।

কণ কণ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ৰূপত ভেশচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে(Hajo News)।

ভেশচশ প্ৰতিযোগিতা অংশগ্ৰহণ কৰা কণ কণ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ৰূপত বেশ ধৰি দৰ্শকৰ মন আকৰ্ষণ কৰাৰ উপৰিও হাঁহিৰ খোৰাক তুলিবলৈ সক্ষম হয়।

পছৰীয়াৰ ৰাজপথত ভেশচন প্ৰতিযোগিতা চাবলৈ দৰ্শক ৰাইজৰ হেতাওপৰা।

ভেশচন প্ৰতিযোগিতাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে গেট হাস্পতালৰ পৰিচালন সঞ্চালক ড° বেদব্ৰত পাঠকে।

লগতে পঢ়ক : WATCH | Bhupen Borah : ‘অসম পুলিচে খাকী পোছাকত ”বিজেপি”ৰ পুলিচ বুলি লিখি লওক’