Local, Vocal, Global

WATCH | Hajo News : হাজোৰ ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য

হাজো,২৯মাৰ্চ : হাজোৰ ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য। ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক।

ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Hajo News)।

ডাম্পাৰৰ বিৰুদ্ধে নিশা হাজোৰ কয়াজনীত ওলাই আহিল ৰাইজ। ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ।

হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া ডাম্পাৰৰ দৌৰাত্ম্য অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।

এই দৃশ্য হাজোৰ কঞাজনী,বাগটা,ভৈল্যবাৰী অঞ্চলৰ। অবৈধ ডাম্পাৰৰ বিৰুদ্ধে নিশা ৰাজপথত ওলাই আহিল ৰাইজ।

অৰ্ধ শতাধিক অবৈধ ডাম্পাৰক ৰাইজে আবদ্ধ কৰিলে ৰাজপথত।হাজো বন বিভাগৰ আশীৰ্বাদত হাজোত এতিয়া ডাম্পাৰৰ মালিক, চালক উঠি ৰজা বহি ৰজা।

উপায়ন্তৰ হৈ ৰাইজে ডাম্পাৰ আবদ্ধ কৰি বন বিভাগৰ দায়িত্ব পালন কৰা দৃশ্য বন্দী সংবাদ মাধ্যমৰ কেমেৰাত।

লগতে পঢ়ক : WATCH | Sherman Ali Ahmed : এইবাৰ খং নহয়, ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিধায়ক শ্বেৰমান আলী আহমেদক