Hajo News : ১৯৬৬ চনত ক্ৰয় কৰা ভূমি গ’ল ভূ-মাফিয়াৰ হাতলৈ
হাজো,৩০জানুৱাৰী : ক্ৰয় কৰা ভূমিত দালালৰ শেঁণ চকু।
হাজোৰ বংশৰত ১৯৬৬ চনতে ক্ৰয় কৰা ভূমি গ’ল ভূ-মাফিয়াৰ হাতলৈ।
১৯৬৬ চনতে ক্ৰয় কৰা এডোখৰ ভূমিক কেন্দ্ৰ কৰি এটা চক্ৰই অপপ্ৰচাৰ কৰি ভূমিৰ গৰাকীক মানসিক ভাবে হাৰাশাস্তি কৰাৰ ঘটনাই ক্ৰেতা পৰিয়ালক লজ্জিত কৰি তোলাৰ অভিযোগ উঠিছে।
মাটিৰ দালালৰ জালিয়তিৰ কাণ্ড পোহৰলৈ অহাত জাঙুৰ খাই উঠিছে ভূমি ক্ৰয় কৰা সুৰেন্দ্ৰনাথ বৈশ্যৰ পৰিয়ালে । ১৯৬৬ চনত ক্ৰয় কৰা ভূমিখিনি তেতিয়াৰ ক্ৰেতা পৰিয়ালৰ লোকে প্ৰায় ৮/১০ বছৰৰ পূৰ্বে ওচৰৰে সম্পৰ্কীয় ভাতৃক ভোগ দখল দিয়ে। এই ভূমিখিনি চৰকাৰৰ বিভাগীয় ভাবে ভোগ দখলকাৰীক সকলো কৰণীয় কৰ্মত অনুমতি দিয়ে।
উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ নদীত পলাশবাৰী-শুৱালকুচি সংযোগী দলং নিৰ্মাণৰ হেতুকে পুৱ বংশৰ মৌজাৰ অধীনস্থ বাথান গাওঁ,বাথান পাম আৰু সানপাৰা গাওঁৰ মাটি অধিগ্ৰহণ কৰা হেতুকে ক্ৰয় বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰী ভাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল(Hajo News)।
ইয়াৰ পিছতো মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ ভিতৰতে পুনৰ একেখিনি ভূমি জালিয়তিৰে ভূ-মাফিয়া বিপুল বৈশ্যৰ দৰে এগৰাকী দালালে নিজৰ পত্নী তৰালী বৈশ্যৰ নামত চুক্তিপত্ৰ কৰি সেই চুক্তিখন আমিনগাওঁ স্থিত উপ-পঞ্জীয়ন কাৰ্য্যালয়ত জালিয়াতিৰে পঞ্জীয়ন কৰাৰ ভয়ানক তথ্য পোহৰলৈ অহাত মাটিৰ সেই সময়ৰ সুৰেন্দ্ৰ নাথ বৈশ্যৰ পৰিয়ালৰ লোকে তীব্ৰ অসন্তুষ্ট হৈ পৰিছে।
এনে ক্ষেত্ৰত ১৯৬৬ চনতে ভূমি ক্ৰয় কৰা পৰিয়ালৰ লোকে চিন্তনীয় হৈ আইনী ব্যৱস্থা লৱলৈ আগবাঢ়ি যাব বুলিও সদৰী কৰিছে ভুক্তভোগীয়ে।
লগতে পঢ়ক :Jorhat News:যোৰহাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ