hajj pilgrims from india dead due to scorching heat in Mecca : গ্ৰীষ্ম প্ৰৱাহৰ ফলত ছৌদি আৰৱত মৃত্যু হজযাত্ৰীৰ

নিউজ ডেস্ক,২০জুন : প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ ফলত ছৌদি আৰৱত মৃত্যুক সাবটিছে ইজনৰ পিছত সিজন হজযাত্ৰীয়ে। ছৌদি আৰৱত ৫২° ছেলচিয়াছলৈ বৃদ্ধি পাইছে তাপমাত্ৰা। যাৰ ফলত প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্য হোৱা হজযাত্ৰীৰ সংখ্যাই অতিক্ৰম কৰিছে ৯০০ ৰ ঘৰ।
গৰমৰ বাবেই যেন এতিয়া মৃত্যুৰ উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। হজযাত্ৰীৰ মৃতদেহৰে ভৰি পৰিছে আৰৱৰ আটাইতকৈ ডাঙৰ মৰ্গ। প্ৰায় ৫২ ডিগ্ৰীৰ তাপমাত্ৰাই জুৰুলা কৰিছে হজযাত্ৰীসকলক।
আৰবৰ প্ৰশাসনীয় সূত্ৰই মঙলবাৰে প্ৰকাশ কৰা এক খবৰ অনুসৰি প্ৰচণ্ড গৰমত অসুস্থ হৈ পৰিছে হজযাত্ৰালৈ যোৱা শ শ লোক(hajj pilgrims from india dead due to scorching heat in Mecca) ।
উল্লেখ্য যে বৃহস্পতিবাৰে মৃতকৰ সংখ্যাই অতিক্ৰম কৰিছে ৯০০ ৰো অধিক ঘৰ। মৃতসকলৰ মাজত বহু ভাৰতীয় থকাৰ তথ্যও জানিব পৰা গৈছে। জানিব পৰা মতে ইতিমধ্যে গৰমত মৃত্যু হোৱা হজ যাত্ৰীসকলৰ মাজত আছে ৬৮ জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত বহু ভাৰতীয় সন্ধানহীন হৈ থকাৰ খবৰ নিশ্চিত কৰিছে চৌদি আৰৱৰ এক কূটনৈতিক নেতাই।
জানিব পৰা মতে মৃতকৰ বেছিভাগেই ইজিপ্তৰ। হজৰ সময়ত অত্যাধিক গৰমত মৰুৰ দেশখনৰ অতি কমেও ৩৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জৰ্ডানৰ ৬০ জন লোকৰ মৃত্যু হৈছে। আৰৱৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি সিমানেই অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে কেইবা হাজাৰ হজ যাত্ৰী।
চৌদি আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা সোমবাৰে মক্কাৰ গ্ৰেণ্ড মছজিদ চৌহদৰ তাপমাত্ৰা আছিল ৫১.৮ ডিগ্ৰী চেলচিয়াছ। উক্ত দিনটোতেই অসুস্থ হৈ পৰিছিল ২০০০ তকৈ অধিক হজ যাত্ৰী। সোমবাৰৰ তুলনাত বুধবাৰে মক্কাৰ তপমাত্ৰা ৫২ ডিগ্ৰী চেলচিয়াছত উপনীত হৈছে। বিগত বছৰত মক্কাত বিভিন্ন দেশৰ ২৪০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।
কিন্তু পূৰ্বতকৈ এইবাৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে। এইবাৰ মক্কালৈ যোৱা ১৮ লাখ হজ যাত্ৰীৰ ভিতৰত ১৬ লাখেই বিদেশী বুলি জানিব পৰা গৈছে(hajj pilgrims from india dead due to scorching heat in Mecca)।
লগতে পঢ়ক : floods in assam : কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে লৈছে ভয়ংকৰ ৰূপ