Local, Vocal, Global

জ্ঞানব্যাপী মছজিদত পূজা-অৰ্চনা চলিব নেকি? কি ক’লে আদালতে?

বাৰাণসীঃ জ্ঞানব্যাপী মছজিদ বিবাদ সন্দৰ্ভত চলি থকা বিচাৰ প্ৰক্ৰিয়া অৱশেষত অধিক চাবলগীয়া হৈ পৰিছে। সোমবাৰে বাৰাণসী জিলা আদালতে বহু জল্পনা-কল্পনাৰ অন্ত পেলাই মুছলিম পক্ষৰ আবেদন খাৰিজ কৰি ৫ গৰাকী হিন্দু মহিলাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে।

উল্লেখ্য যে, মছজিদটোত এসময়ত মন্দিৰ আছিল বুলি দাবী কৰি মছজিদ চৌহদত পূজা-অৰ্চনাৰ অনুমতি বিচাৰি ২০২১ চনত আবেদন দাখিল কৰিছিল ৫ গৰাকী স্থানীয় হিন্দু মহিলাই। হিন্দু মহিলাকেইগৰাকীৰ এই আবেদনক লৈ আপত্তি দৰ্শাই পুনৰ আবেদন দাখিল কৰিছিল ‘অঞ্জুমান ইন্তেজামিয়া মছজিদ কমিটি’য়ে।

মছজিদ কমিটিয়ে ১৯৯১ চনৰ ধৰ্মীয় উপাসনাস্থল ৰক্ষা (বিশেষ ব্যৱস্থা) আইনৰ দোহাই দি হিন্দু পক্ষৰ আবেদনৰ শুনানি হ’ব নোৱাৰে বুলি দাবী কৰি আহিছিল। মছজিদ কমিটিয়ে ১৯৪২ চনৰ এলাহাবাদ হাইকোৰ্টৰ ৰায়ৰ কথাও উল্লেখ কৰিছিল। কিন্তু মছজিদ কমিটিৰ এই সকলো দাবী নস্যাৎ কৰি সোমবাৰে বাৰণসী জিলা আদালতে হিন্দুপক্ষৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে।

এই সন্দৰ্ভত হিন্দুপক্ষই দাবী কৰিছে যে ১৯৯১ চনৰ আইন জ্ঞানব্যাপীৰ ক্ষেত্ৰত মুঠেই প্ৰযোজ্য নহয়। তেওঁলোকৰ মতে ১৯৪৭ চনৰ পিছতো মছজিদ চৌহদৰ শৃংগাৰ গৌৰীস্থলত পূজা-অৰ্চনাৰ প্ৰমাণ পোৱা গৈছে। লগতে মছজিদ চৌহদত ভিডিঅ’গ্ৰাফি কৰাৰ সময়ত অজুখানাত শিৱলিংগৰ অস্তিত্বৰ প্ৰমাণ পোৱা বুলিও দাবী কৰিছে হিন্দু পক্ষই।

এই ধৰণৰ বাদ-বিবাদৰ মাজতে এতিয়া অহা ২২ ছেপ্টেম্বৰত হিন্দু পক্ষৰ আবেদন সন্দৰ্ভত শুনানিৰ দিন ধাৰ্য কৰিছে জিলা আদালতখনে। ইফালে আদালতৰ আজিৰ এই সিদ্ধান্তৰ পিছতে ইয়াক এক বিশেষ সাফল্য আখ্যা দিছে হিন্দু পক্ষই।