Guwahati’s Spirited Diwali Celebration: দীপাৱলীৰ মাজত ৬.৮ কোটি টকাৰ সুৰা বিক্ৰী
নিউজ ডেস্ক, ১৪নৱেম্বৰ : সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ।
উল্লেখ্য যে এইবাৰ দুৰ্গা পূজাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিছিলে সুৰাপায়ীসকলে । দুৰ্গা পূজাত সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিছিল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত । তাৰ সমান্তৰালকৈ দীপাৱলীটো সুৰাপায়ী সকলে বিশেষ ভূমিকা গ্ৰহণ কৰিলে(Guwahati’s Spirited Diwali Celebration) ।
এইবাৰ দীপাৱলীৰ দুদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ৬.৮কোটি টকাৰ সুৰা(Alcohol Sales Soar To Rs 6.8 Crore In Two Days) ।
যেন সুৰা নহ’লে নচলে একাংশৰ বাবে । কোনো উৎসৱ পাৰ্বনত মুখ্য ভূমিকা পালন কৰে সুৰাই । নিতৌ বৃদ্ধি হৈ গৈ আছে সুৰাৰ বিক্ৰী । সুৰাৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি আছে ।
প্ৰত্যেক বছৰেতে সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । দীপাৱলীৰ দিনা এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে(Guwahati drank alcohol worth Rs 6.8 crore during Diwali) ।
কব’লৈ গ’লে এয়া আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা । দীপাৱলীৰ আনন্দ উল্লাহৰ ব্যস্ত সকলো। তাৰ মাজতে ৰঙা পানী নহ’লে যেন নচলে । ইয়াৰ দায়িত্ব পালন কৰিছে আবকৰী বিভাগে । পিছ হুহকি যোৱা নাই আবকৰী বিভাগে । কাৰণ সুৰাৰ বিক্ৰীৰ সম্ভাৱনা বেছি উৎসৱ পাৰ্বনৰ দিনত(Alcohol Sales Soar To Rs 6.8 Crore In Two Days) ।
দীপাৱলীৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে মুঠ ৩ কোটি ৭১ লাখ টকাৰ সুৰা বিক্ৰী হৈছে । সোমবাৰে ৩ কোটি ১১ লাখ টকাৰ সুৰা বিক্ৰী হৈছে।
সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয় । এক কথাত ক’বলৈ গ’লে অসমৰ অৰ্থনীতিত সুৰাপায়ীসকলৰ বিশেষ ভূমিকা আছে ।
লগতে পঢ়ক : One month old Infant Dies : নিৰ্দয়,অমানৱীয়, পৈশাচিক কাণ্ড এগৰাকী ভণ্ড মহিলা কবিৰাজৰ