পৰ্বত শৃংগত হিমস্খলনত নিৰুদ্দেশ গুৱাহাটীৰ দীপশিখা, চৰকাৰৰ সহায় বিচাৰিলে পৰিয়াল
নিউজ ডেস্ক: উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ড-২ শৃংগত ১৭,০০০ ফুট উচ্চতাত হোৱা প্ৰচণ্ড হিমস্খলনৰ ফলত সন্ধানহীন হোৱা ২৮ জন প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীৰ ভিতৰতে ১১ জনৰ মৃতদেহ উদ্ধাৰ হৈছে৷
প্ৰশিক্ষাৰ্থীসকল উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিংৰ৷ এটা ৪১ জনীয়া পৰ্বতাৰোহীসকলে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে শৃংগ আৰোহণ কৰিবলৈ গৈছিল৷ প্ৰশিক্ষকসকলৰ সৈতে উভতি আহি থকাৰ সময়তে মঙলবাৰে হিমস্খলনৰ কৱলত পৰে৷ ইতিমধ্যে ২৮ পৰ্বতোৰোহীৰ ভিতৰত ১১ জনৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ২৮ পৰ্বতোৰোহীৰ ভিতৰত আছে অসমৰ দীপশিখা হাজৰিকা৷ দীপশিখা হাজৰিকাৰ অৱস্থিতি সন্দৰ্ভত উত্তৰাখণ্ডৰ চৰকাৰে তথ্য জাহিৰ কৰা নাই৷ অসমৰ চৰকাৰে বিষয়টোক লৈ কোনো আনুষ্ঠানিক মন্তব্য দিয়া নাই৷ ইপিনে দীপশিখা হাজৰিকাৰ পৰিয়ালে ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে৷
পৰ্বতোৰোহীসকল পশ্চিম বংগ, দিল্লী, তেলেংগানা, তামিলনাডু, কৰ্ণাটক, অসম, হাৰিয়ানা, গুজৰাট, হিমচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ। এনআইএমৰ অধ্যক্ষ কৰ্ণেল অমিত বিষ্টৰ মতে, মঙলবাৰে ১১টা মৃতদেহ ভিতৰত চাৰিটা উদ্ধাৰ কৰা বুলি কয়৷।
অন্ধকাৰ আৰু প্ৰতিকূল বতৰৰ বাবে বন্ধ কৰিব লগা উদ্ধাৰ অভিযান বুধবাৰে পুনৰ আৰম্ভ কৰা হয়।
উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হোৱা হিমস্খলনৰ ফলত নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ ২৮ জন প্ৰশিক্ষাৰ্থী আৱদ্ধ হৈ পৰিছিল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট যোগে কয় যে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আইটিবিপিৰ জোৱানসকল জড়িত হৈ পৰা উল্লেখ কৰে। ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ ৰবাবে দুখন চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে কয় যে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনৰ পৰা ২৮ জনৰ ভিতৰত ৮ জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে বুলি৷ বাকীবোৰৰ সন্ধান আৰু উদ্ধাৰৰ বাবে বায়ু সেনাৰ হেলিকপ্টাৰ মোতায়েন কৰা হৈছে।
কালি পুৱা প্ৰায় ৯ বজাত হিমস্খলন হয়। দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ এছডিআৰএফ দলে ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেড এৰে। মুখ্যমন্ত্ৰী ধামীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতি থকা হৈছে৷ উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ সেনাৰ পৰা সহায় লোৱা হৈছে।