Local, Vocal, Global

Guwahati Youth Injured In Leopard Attack : মহানগৰীত নাহৰফুটুকীৰ আতংক; নাহৰফুটুকীৰ আক্রমণত আহত ৩জন

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : মহানগৰীত বাঘৰ আতংক ৷ মহানগৰীৰ ফটাশিল আমবাৰীত নাহৰফুটুকীৰ আতংক ৷

মঙলবাৰে পুৱা গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় এজন যুৱক(Guwahati Youth Injured In Leopard Attack)।

জানিব পৰা মতে,, নাহৰফুটুকীটোৱে ফটাশিল আমবাৰী অঞ্চলৰ গৌৰী শৰ্মা কলনীৰ এটা আৱাসগৃহত ভিতৰত সোমাই আৰু বাসিন্দাক আক্ৰমণ কৰে।বাঘৰ আক্ৰমণত ব্যক্তিজনৰ মূৰ, ডিঙি আৰু আঁঠুত আঘাতপ্ৰাপ্ত হয়।বাঘৰ আক্ৰমণত কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় ।বাঘৰ ভয়ত আতংকিত হৈ পৰিছে ৰাইজ ।

অৱশেষত বহু সময়ৰ পিছত ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো৷ ফটাশিল আমবাৰীৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰিসমাপ্তি ৷ বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটোক৷ নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল বনকৰ্মী, চিকিৎসক আৰু এজন ব্যক্তি৷ জি এছ কলনীৰ এটা বাসগৃহত সোমাইছিল নাহৰফুটুকীটো ৷

ৰাজ্যত অব্যাহত আছে বনৰীয়া জন্তুৰ উপদ্ৰৱ । বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ সমান্তৰালকৈ গড় আৰু বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী।

লগতে পঢ়ক: Father Killed 4 Year Old Son : গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড; ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ