Guwahati schools resume normal schedule from October 1st : গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
নিউজ ডেস্ক, ২৯ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।
১ অক্টোবৰৰ পৰা মহানগৰীত বিদ্যালয়ৰ পাঠদান পূৰ্বৰ দৰে স্বাভাৱিক সময়ৰ পৰা আৰম্ভ হ’ব। গৰমৰ প্ৰকোপ কমাত পুনৰ পূৰ্বৰ সময়ৰ দৰেই পাঠদান চলাই নিয়াৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে । এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ মিছন আহ্বায়ক তথা স্কুল পৰিদৰ্শকে জাৰি কৰিছে জাননী(Guwahati schools resume normal schedule from October 1st)।
উল্লেখ্য যে,উৎকট গৰমৰ বাবে গুৱাহাটী মহানগৰীত বিদ্যালয়ৰ পাঠদানৰ সময় শিক্ষা বিভাগে সলনি কৰিছিল ।
সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ মিছন আহ্বায়ক তথা স্কুল পৰিদৰ্শকে জাৰি জাননী অনুসৰি, বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পূৰ্বৰ দৰে চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ২০ ছেপ্টেম্বৰত দিয়া জাননী বাতিল কৰিছে ।
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে ২০ ছেপ্টেম্বৰত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰি বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিছিল।