Guwahati Police Seize Fake Gold : পুনৰ মহানগৰীত জব্দ নকল সোণ আৰু নকল নোট

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : পুনৰ মহানগৰীত জব্দ নকল সোণ আৰু নকল নোট(Guwahati Police Seize Fake Gold) ।
এইবাৰ মহানগৰীৰ কটাবাৰীত উদ্ধাৰ নকল সোণ আৰু নকল নোট ।
সোমবাৰে নিশা মহানগৰী আৰক্ষীৰ এক অভিযান । অভিযানত গুৱাহাটীত পুনৰ আৰক্ষীৰ জালত পৰে নকল সোণ আৰু নকল নোটৰ ব্যৱসায়ী(Guwahati Police Seize Fake Gold, Counterfeit Notes; 2 Held)।
উল্লেখ্য যে, মহানগৰীৰ আৰক্ষীয়ে কটাহবাৰীৰ এটা বাসগৃহত অভিযান চলাই, অভিযান বাসগৃহটোৰ পৰা পৰা ৪ খন সোণৰ নাও আৰু দুটা সোণৰ মূৰ্তিৰ লগতে বুজন পৰিমাণৰ জালনোট জব্দ কৰিছে।
জানিব পৰা মতে এই নকল সোণ আৰু নকল নোটৰ লগতে ইয়াৰ লগত জড়িত দুই প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা দুই প্ৰৱঞ্চক হৈছে ছফিকুল ইছলাম আৰু ছাহাবুদ্দিন বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে ছাহাবুদ্দিনৰ ঘৰ নগাঁৱত আৰু ছফিকুল ইছলামৰ ঘৰ লখিমপুৰ জিলাত(Fake Gold, Counterfeit Notes Seized At Katabari, 2 held)।
স্থানীয় লোকৰ ভাষ্য অনুসৰি নগাঁৱৰ ছফিকুলে এটা বাসগৃহ ভাড়ালৈ লৈছিল। মাজে মাজে তালৈ আহিছিল ছফিকুল ইছলাম। এই ঘৰটোৰ পৰাই অভিযান চলাই সোণৰ মূৰ্তি, নাওঁসহ নকল নোট জব্দ কৰিছে।