WATCH | Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা
নিউজ ডেস্ক,২জুন : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । সোমবাৰে ঘোষণা কৰিলে এই কথা । অনিৰ্দিষ্ট সময়ৰলৈকে বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে এই কথা সিদ্ধান্ত (Guwahati-North Guwahati ferry services suspended)। ব্ৰহ্মপুত্ৰৰ পানীত বুৰ গৈছে ফেৰী ঘাটৰ ৰেম্পসমূহ । ৰেম্পসমূহ বনোৱা নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা।
উল্লেখ্য যে, অসমত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়িব ধৰিছে । এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । ৰেম্পসমূহ পুনৰ মেৰামতিৰ পাছতহে আৰম্ভ হ’ব ফেৰীসেৱা(Guwahati-North Guwahati ferry services suspended)।
লগতে পঢ়ক : WATCH | Tragic incident : বহিঃৰাজ্যত দুৰ্ঘটনাত পতিত জুৰীয়াৰ এজন যুৱক