Guwahati-North Guwahati ferry services suspended : তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

নিউজ ডেস্ক,৮মে’ : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা ।
তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা । ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ কৰা হৈছিল ফেৰী সেৱা ।ৰেম্পসমূহ মেৰামতি কৰিব নোৱাৰাৰ বাবে চলিব পৰা নাই ফেৰী ।
উল্লেখ্য যে, সোমবাৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিলে । অনিৰ্দিষ্ট সময়ৰলৈকে বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে এই কথা ঘোষণা।
অসমত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়িব ধৰিছে । এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱা দেখা গৈছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । ৰেম্পসমূহ পুনৰ মেৰামতিৰ পাছতহে আৰম্ভ হ’ব ফেৰীসেৱা(Guwahati-North Guwahati ferry services suspended)
লগতে পঢ়ক : Accident at Kaziranga : কাজিৰঙাৰ গেলেকীত বনকৰ্মীৰ দলক দুৰ্বৃত্তৰ আক্ৰমণ