Local, Vocal, Global

language issue in Guwahati : গুৱাহাটীত ভাষা বিষয়ক লৈ দুৰ্বাদল মাৰপিট, ৩ জন গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৬ জুলাই : অসমীয়াত কথা কোৱাৰ ফলতেই নিশা মহানগৰীত দুৰ্বাদল মাৰপিটৰ ঘটনা সংঘটিত হয় । শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা সংঘটিত হয়(language issue in Guwahati0 । হিন্দীভাষী এজন যুৱকে অসমীয়াত কথা পতাৰ বাবে হোটেলৰ শ্ৰমিকৰ ওপৰত আক্ৰমণ চলায় তেতিয়া পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । হোটেলৰ কৰ্মচাৰীসকলৰ ওপৰত হোৱা আক্ৰমণৰ ফলত দৰ্শকে হস্তক্ষেপ কৰি অধিক ক্ষতি ৰোধ কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুডত ৫ জন যুৱক সোমাইছিল । অভিযোগ অনুসৰি, সুৰামত্ত অৱস্থাত থকা যুৱককেইজনে হোটেলৰ কৰ্মচাৰীয়ে কেৱল মাত্ৰ অসমীয়াত কথা পতাৰ বাবে তেওঁলোকক প্ৰথমে মাৰধৰ কৰে। যাৰ বাবে উত্তেজিত হৈ পৰে উপস্থিত একাংশ স্থানীয় লোক।

এই মাৰপিট দেখি হোটেলখনত উপস্থিত থকা বহুসংখ্যক লোকে যুৱককেইজনক বাধা প্ৰদান কৰে যদিও সিহঁতে ওলোটাই উপস্থিত ৰাইজক দাবী ধমকি দিয়াত উত্তেজিত ৰাইজে আটাইকেইটাকে উত্তম-মধ্যম দিয়াৰ লগতে মহিন্দ্ৰা থাৰ বাহনখনো ভাঙি দিয়ে বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ যুৱক ৫ জনৰ তিনিজনক দিছপুৰ থানালৈ লৈ যায় যদিও বাকী দুজন যুৱকে পলায়ন কৰে।

লগতে পঢ়ক : Manipur Violence : মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ, মহিলাক গুলীয়াই হত্যা