WATCH | Guwahati News : গুৱাহাটীত বলীউদৰ অভিনেতা ৰোহিত বাছফৰৰ মৃত্যুৰ নতুন মোৰ

নিউজ ডেস্ক,২৯এপ্ৰিল : গুৱাহাটীত বলীউদৰ অভিনেতা ৰোহিত বাছফৰৰ মৃত্যুৰ নতুন মোৰ। হত্যাকাণ্ড নহয় দুৰ্ঘটনাতহে মৃত্যু হৈছিল ৰোহিতৰ। পানীত পৰি মৃত্যু হৈছিল ৰোহিতৰ।
এইবাৰ ৰোহিতৰ বন্ধুৱে দিছে আন এক চাঞ্চল্যকৰ মন্তব্য। ৰোহিত বন্ধুৱে মন্তব্য কৰে যে ‘‘হত্যাকাণ্ড নহয় দুৰ্ঘটনাতহে মৃত্যু হৈছিল ৰোহিতৰ।’’
ৰোহিতৰ বন্ধুৱে কয় যে ‘‘আমি ফুৰিবলৈ গৈছিলো। খানা খাই সি গা ধুবলৈ গৈছিল। নদীত নামিয়েই আমাৰ চকুৰ সন্মুখত পানীৰ মাজত সোমাই গৈছিল ৰোহিত। ৰোহিতে সাঁতুৰিব নাজানে। আমিও নাজানো। আমি নাজানো বাবে পানীত নামিবলৈ ভয় কৰিছিলোঁ।’’
উল্লেখ্য যে, দেওবাৰে দিনত বন্ধুৰে ফুৰিবলৈ গৈ হৈছিল সন্ধানহীন হৈছিল ৰোহিত বাছফৰ । নিশা জংঘলত SDRFএ উদ্ধাৰ কৰিছিল ৰোহিতৰ মৃতদেহ।
আনফালে ৰোহিত বাছফৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছে ৰোহিতৰ পৰিয়ালে। পৰিয়ালৰ লোকে দাবী কৰে যে ৰোহিত বাছফৰৰ মূৰ, মুখ, পিঠি, বুকুত স্পষ্ট আঘাতৰ চিন আছে। পৰিয়ালৰ লোকৰ মতে প্ৰথমে ৰোহিতক প্ৰহাৰ কৰি পেলাই দিয়া হৈছিল জলাশয়ত(Guwahati News)।
লগতে পঢ়ক : WATCH | Ramakanto Deori: ‘আঁচনি দিয়াৰ পিছত যদি বিজেপিক ভোট নিদিলে পাপে চুব’