Local, Vocal, Global

Guwahati murder case:পোহৰলৈ আহিছে গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : গুৱাহাটীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত পোহৰলৈ আহিছে আন এক তথ্য। শ্ৰেয়াৰ পৰিয়ালে ঘাতক ৰুবুলৰ বিৰুদ্ধে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ(Guwahati murder case)।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি শ্ৰেয়াক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল ঘাতক স্বামী ৰুবুল শৰ্মাই। ৰুবুলে ধন দাবীও কৰিছিল শ্ৰেয়া আৰু পৰিয়ালক। শ্ৰেয়াৰ আত্মীয় দাবী কৰা অনুসৰি নিৰ্যাতনৰ কথা ঘৰৰ মানুহক জনাইছিল শ্ৰেয়া।

উল্লেখ্য যে দেওবাৰে পুৱা শোৱাপাটীতে শ্ৰেয়া ভট্টচাৰ্য শৰ্মাৰ প্ৰাণ লৈছিল স্বামী ৰুবুৰ শর্মাই। উলুবাৰীৰ ফেমিলী ক’ৰ্ট পথৰ হাউচ নম্বৰ ১৮ৰ প্ৰথম মহলাৰ বন্ধ কোঠাত পৰি ৰৈছিল ৰক্তাক্ত শ্ৰেয়া নামৰ মহিলাগৰাকী নিথৰ দেহ।

লগতে পঢ়ক:Guwahati Police: গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিল হানী সিং