Local, Vocal, Global

Guwahati Latasil Bihu Sanmilan: ঘোষণা হ’ল ৭৩ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৪

নিউজ ডেস্ক,১৭ এপ্ৰিল : ঘোষণা হ’ল ৭৩ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৪ ৷ এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আগবঢ়োৱা হয় ধেমাজিৰ শিৰোশ্ৰী শইকীয়াক ।

এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা ৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে মাজৰ পৰা ধেমাজিৰ শিৰোশ্ৰী শইকীয়াৰ শিৰত পিন্ধায় চলন্ত মুকুট ।বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়াই পুৰস্কাৰস্বৰূপে লাভ কৰে নগদ ১ লাখ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাচিং মেচিন, এটা টিভি আৰু নেমকেয়াৰ হাস্পতালৰ পৰা এটা কৰ্মসংস্থাপনৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ(Guwahati Latasil Bihu Sanmilan)।

লগতে ২০২৪ বৰ্ষৰ ‘বিহু কুঁৱৰী’ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে। তেওঁ লাভ কৰে নগদ ৩১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।

আনহাতে, ‘বিহুৰাণী ২০২৪’ৰ খিতাপ অৰ্জন ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইৰ। তেওঁ লাভ কৰে নগদ ৫১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। শ্ৰেষ্ঠ ঢুলীয়া চিৰঞ্জীৱ বৰ্মণ আৰু শ্ৰেষ্ঠ পেঁপুৱা যদুমণি গগৈ। দুয়োকে নগদ ১০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰে।

ইফালে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান অর্জন কৰে চিৰঞ্জীৱ বৰ্মনে । বঁটাত আছে চলন্ত শৰাই আৰু নগদ ১০ হাজাৰ টকা । শ্ৰেষ্ঠ পেঁপুৱৈৰ সন্মান অর্জন কৰে যদুমনি গগৈয়ে । বঁটাত আছে এটি চলন্ত বঁটা আৰু নগদ ১০ হাজাৰ টকা ।

লগতে পঢ়ক : PM Narendra Modi and Bengal CM Mamata Banerjee to campaign in Assam : আজি অসমত নিৰ্বাচনী ৰণডংকা বজাই প্ৰধানমন্ত্ৰীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে