Local, Vocal, Global

Guwahati Honey trapping case : মহানগৰীত হানি ট্ৰেপিঙৰ ঘটনা, হানি ট্ৰেপিঙৰ বলি বহিঃৰাজ্যৰ যুৱক

নিউজ ডেস্ক, ২অক্টোবৰ : গুৱাহাটীত মহানগৰীত ভয়ংকৰ ঘটনা । পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ দৰে এক ঘটনা(Guwahati Honey trapping case) । বহিঃৰাজ্যৰ যুৱকক জালত পেলালে গুৱাহাটীৰ সুন্দৰীয়ে ।এইবাৰ হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ এজন যুৱক । দেওবাৰে মহানগৰীৰ জয়ানগৰৰ Parlay residency ৰ পৰা উদ্ধাৰ ভুক্তভোগী বহিঃৰাজ্যৰ যুৱকজন । উদ্ধাৰ হোৱা যুৱকজনৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, দিল্লীত অভিযুক্ত যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিল ভুক্তভোগী যুৱকজন । তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক । ভুক্তভোগী যুৱকজন আৰু যুৱতীগৰাকীয়ে দিল্লীত একেলগে স্বামী-স্ত্ৰীৰ দৰে থাকিবলৈ লৈছিল( Youth Falls Prey To Honey Trap) ৷

ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা কৈ আছিল ৷ কিন্তু এই ক্ষেত্ৰত যুৱকজনে কোনো গুৰুত্ব দিয়া নাছিল ৷ এটা সময়ত যুৱকজনে তেওঁলোকৰ পৰিয়ালে দুয়োৰে সম্পৰ্ক মানি লোৱা নাই বুলি কয় আৰু যুৱতীগৰাকীক বিয়া পাতিব নোৱাৰো বুলি কয় ৷ প্ৰেমিকৰ পৰা এই কথা শুনি বিমোৰত পৰে যুৱতীগৰাকী ৷ তাৰ পাছত দুয়ো কোনো কাৰণবশত গুৱাহাটী আহে ৷ বিয়াত নপতাৰ বাবেই যুৱতীগৰাকীয়ে যুৱকজনক মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে, যুৱকজনৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, প্ৰেমৰ চলনাৰে যুৱতীগৰাকীয়ে অসমলৈ লৈ আহিছিল যুৱকজনক । অসমলৈ আনি মহানগৰীৰ জয়ানগৰস্থিত Parlay residency ৰ ব্লক A 7C কোঠাত যুৱতীগৰাকীয়ে আৱদ্ধ কৰি ৰাখিছিল যুৱকজনক । লগতে কোটি টকাৰ দাবী কৰিছিল যুৱকজনৰ পৰা । পইচা নিদিয়াৰ বাবেই যুৱকজনক শাৰীৰিক-মানসিক অত্যাচাৰ চলাইছিল অভিযুক্ত যুৱতীগৰাকীয়ে ৷ যুৱতীগৰাকীৰ কৱলৰ পৰা বাচিবলৈ যুৱকজনে বিভিন্ন কাগজৰ টুকুৰাত ‘‘Please call police, Help me, Save me’’ ইত্যাদি লিখি অট্টালিকাৰ ওপৰৰ পৰা ৰাস্তা লৈ দলিয়াই সহায়ৰ ভিক্ষা কৰিছিল ৷

দেওবাৰে বশিষ্ঠ আৰক্ষী সহযোগত যুৱক-যুৱতীক উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হয় । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে । অৱশ্যে এতিয়াও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা(Honey trap case) ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজা অধ্যাপক সুগত বসুৱ প্ৰতিক্ৰিয়া