Guwahati hit-and-run tragedy : মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা;অচিনাক্ত বাহনৰ খুন্দাত নিহত মহিলা

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা(Hit-and-Run Cases in Guwahati)। অচিনাক্ত বাহনৰ খুন্দাত নিহত মহিলা। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা।
দেওবাৰে নিশা জালুকবাৰীৰ পৰা লখৰা অভিমুখী পথত সংঘটিত এই দুৰ্ঘটনাটো(Woman hit by car in Guwahati, dies) ।
জানিব পৰা মতে,ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ থকা পথচাৰীৰ লগত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় । এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখন(Guwahati hit-and-run tragedy)।
বৰ্তমানেও জানিব পৰা হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়। ইতিমধ্যে ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। লগতে মৃত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে(Woman fatally killed by reckless driver) ।
লগতে পঢ়ক : Farmers protest: আজি প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰৰে ‘দিল্লী চলো’ যাত্ৰা