Guwahati high court has banned any kind of lottery : ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
নিউজ ডেস্ক,৩অক্টোবৰ : ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ। সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ এই নিৰ্দেশ(Guwahati high court has banned any kind of lottery)।
এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অন লাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয়, তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।