Local, Vocal, Global

Guwahati Gulps Alcohol Worth Over Rs 11 Cr In 2 Days Of Holi : ফাকুৱাৰ দুটা দিনত গুৱাহাটী মহানগৰীত ১১ কোটি ৮ লাখ টকাৰ সুৰা বিক্ৰী

নিউজ ডেস্ক,২৮মাৰ্চ : সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত । এইবাৰ ফাকুৱাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ীসকলে । ফাকুৱাত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ১১ কোটি ৮ লাখ টকাৰ সুৰা(Guwahati Gulps Alcohol Worth Over Rs 11 Cr In 2 Days Of Holi)।

যেন সুৰা নহ’লে নচলে একাংশৰ বাবে । কোনো উৎসৱ পাৰ্বনত মুখ্য ভূমিকা পালন কৰে সুৰাই । নিতৌ বৃদ্ধি হৈ গৈ আছে সুৰাৰ বিক্ৰী । সুৰাৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি আছে ।

প্ৰত্যেক বছৰেতে সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । পূজাৰ নামত এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে ।

কব’লৈ গ’লে এয়া আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা ।

ফাকুৱাৰ দুটা দিনত কেৱল গুৱাহাটী মহানগৰীতে ১১ কোটি ৮ লাখ টকাৰ অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হয় ৷ ইয়াৰে সোমবাৰে ৬ কোটি টকাৰো অধিক আৰু মঙলবাৰে ৪ কোটি টকাৰো অধিক সুৰা বিক্ৰী হয় বুলি জানিব পৰা গৈছে(Guwahati Gulps Alcohol Worth Over Rs 11 Cr In 2 Days Of Holi) ৷

ইফালে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে দুটা দিনত ১১ কোটি ৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৰাজ্যজুৰি দুটা দিনত বিক্ৰী হয় ১৮.৫ কোটি টকাৰ সুৰা ৷ বিগত বৰ্ষত ফাকুৱাৰ দুটা দিনত ৰাজ্যত বিক্ৰী হৈছিল ১০.৬২ কোটি টকাৰ সুৰা ৷ কিন্তু এইবাৰ কেৱল গুৱাহাটীতে বিক্ৰী হয় ১১ কোটি টকাৰ সুৰা ৷

বিগত ফাকুৱাত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দুটা দিনত বিক্ৰী হৈছিল ৫.১৮ কোটি টকাৰ সুৰা ৷ অৰ্থাৎ এইবাৰ গুৱাহাটী মহানগৰীত দুগুণ পৰিমাণৰ সুৰা বিক্ৰী হ’ল ৰঙৰ উৎসৱত ৷

লগতে পঢ়ক : Guwahati drank alcohol worth Rs 22.05 crore during Durga Puja : পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ; তিনিটা দিনত মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী