Guwahati Girl Disappears After School : গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ পৰা নিৰুদ্দেশ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক,১৩আগষ্ট : মহানগৰীৰ পুনৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা। মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আছে এটাৰ পিছত আন এটা নিৰুদ্দেশ ঘটনা(Guwahati Girl Disappears After School)।
এইবাৰ মহানগৰীত সংঘটিত আন এক চাঞ্চল্যকৰ ঘটনা। উলুবাৰীৰ পূব শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা নিৰুদেশ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। সোমবাৰে বিদ্যালয়লৰ পৰা এতিয়ালৈ উভতি অহা নাই ছাত্ৰীগৰাকীয়ে। নিৰুদিষ্ট ছাত্ৰী ছাত্ৰী গৰাকীৰ নাম নয়না তাতী বুলি জানিব পৰা গৈছে। নিশা ২ বজালৈকে জীয়ৰীক বিছাৰি মহানগৰীত হাবাথুৰি খাইছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক।
জানিব পৰা অনুসৰি পৰিয়ালৰ লোকে কন্যাক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ আগতেই বিদ্যালয় কৰ্তৃপক্ষই অকলেই পঠাই দিয়ে ছাত্ৰীগৰাকীক। চানমাৰী আৰক্ষীক নিৰুদেশৰ খবৰ অৱগত কৰে যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ(Guwahati Girl Disappears After School)।