Guwahati flood situation worsens : বুৰ যোৱাৰ উপক্ৰম চক্ৰেশ্বৰ দেৱালয়ৰ বিষ্ণু–লক্ষ্মীৰ মূৰ্তি

নিউজ ডেস্ক,২জুলাই : বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানে লৈছে ভয়ংকৰ ৰূপ । বৃদ্ধি হৈছে নদী-উপনদীৰ জলপৃষ্ঠ । জলমগ্ন হৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । বানত প্লাবিত হৈছে এখনৰ পাছত আনখন জিলা। প্লাৱিত হৈছে ৰাজ্যৰ ১৪ খনকৈ জিলাৰ ৬৯৮ খন গাঁও(Guwahati flood situation worsens)।
নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। প্ৰতিটো ঘন্টাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী। গুৱাহাটীতো বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
ব্ৰহ্মপুত্ৰৰ বৃদ্ধি পোৱা জলস্তৰৰ বাবে লুইতৰ বক্ষত থকা চক্ৰেশ্বৰ দেৱালয়ৰ বিষ্ণু–লক্ষ্মীৰ মূৰ্তি এতিয়া লুইতৰ বাঢ়নী পানী বুৰ যোৱাৰ উপক্ৰম হৈছে। লুইতৰ বাঢ়নী পানীৰ প্ৰকোপত মাত্ৰ কেইচেণ্টিমিটাৰ মানহে ওলাই আছে এই মন্দিৰটো।
লগতে পঢ়ক: Assam Man Goes Missing In Kerala : বহিঃৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন চিচিবৰগাঁৱৰ অতুল দেউৰী