Guwahati drank alcohol worth Rs 30 crore during Durga Puja : পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ; মহানগৰীত ৩০ কোটি টকাৰ সুৰা বিক্ৰী

নিউজ ডেস্ক,১৪অক্টোবৰ : সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত । এইবাৰো দুৰ্গা পূজাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ীসকলে । দুৰ্গা পূজাৰ ৪ দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ৩০ কোটি টকাৰ সুৰা(Alcohol Worth Rs 30 Crore Sold In Guwahati During Durga Puja) ।
যেন সুৰা নহ’লে নচলে একাংশৰ বাবে । কোনো উৎসৱ পাৰ্বনত মুখ্য ভূমিকা পালন কৰে সুৰাই । নিতৌ বৃদ্ধি হৈ গৈ আছে সুৰাৰ বিক্ৰী । সুৰাৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি আছে ।
প্ৰত্যেক বছৰেতে সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । পূজাৰ নামত এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে ।কব’লৈ গ’লে এয়া আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা ।
সাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ ব্যস্ত সকলো। তাৰ মাজতে ৰঙা পানী নহ’লে যেন নচলে । ইয়াৰ দায়িত্ব পালন কৰিছে আবকৰী বিভাগে । পিছ হুহকি যোৱা নাই আবকৰী বিভাগে । কাৰণ সুৰাৰ বিক্ৰীৰ সম্ভাৱনা বেছি উৎসৱ পাৰ্বনৰ দিনত(Alcohol Worth Rs 30 Crore Sold In Guwahati During Durga Puja) ।
পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ। অষ্টমী, নৱমী, দশমীত সুৰা বিক্ৰীত অভিলেখ। ৪টা দিনতে মহানগৰীত ৩০ কোটি টকাৰ সুৰা বিক্ৰী। পূজাৰ ষষ্ঠীৰ দিনাৰ পৰা দশমীৰ দিনালৈ অৰ্থাৎ ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ গুৱাহাটীত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে।পূজাৰ বতৰত গুৱাহাটীত বিক্ৰী হ’ল ৩০ কোটি টকাৰ বিলাতী। কেৱল মহানগৰীতে ৩০কোটি টকাৰ সুৰা বিক্ৰী হোৱা বুলি প্ৰকাশ কৰিছে আবকাৰী আয়ুক্তালয়ে।
লগতে পঢ়ক : Dead body found in Sonari : ঘৰৰ সমীপৰ বৰফ ফেক্টৰীৰ পাছফালে উদ্ধাৰ যুৱকৰ মৃতদেহ