Local, Vocal, Global

Guwahati Commerce College admission requirements : নামভৰ্তিৰ সময়ত বাধ্যতামূলক নামঘোষা ক্ৰয়

গুৱাহাটী, ২০ জুন : মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা । অসমীয়া সমাজ জীৱনত মহাপুৰুষ দুজনাৰ অৱদান আৰু প্রভাৱ আজিও বিৰাজমান। মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ সৃষ্টি নামঘোষাৰ আদৰ তথা শ্ৰদ্ধা অসমীয়া সমাজ-জীৱনত পুৰুষানুক্ৰমে পৰিলক্ষিত হৈছে।

পিছে শেহতীয়াকৈ নামঘোষাৰ ক্ষেত্ৰত ঐতিহ্যমণ্ডিত গুৱাহাটী কমাৰ্চ কলেজৰ এক সিদ্ধান্তই হতবাক কৰিছে সচেতন সমাজক (Guwahati Commerce College admission requirements) । কলেজ কৰ্তৃপক্ষই কলেজত নামভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰিছে নামঘোষা ক্ৰয় ।

গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক নামঘোষা বিক্ৰী কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল বিৰ্তক । ২০২৩-২৪ বৰ্ষৰ স্নাতক (বাণিজ্য) শ্ৰেণীৰ প্ৰথম ছেমিষ্টাৰত মহাবিদ্যালয়খনে নামভৰ্তিৰ বাবে ধাৰ্য কৰিছে ৭৭৬০ টকা মাচুল ।

ইয়াৰ ভিতৰত অন্যান্য মাচুলৰ লগতে নামঘোষাখনৰ বাবে শিক্ষাৰ্থীসকলে ভৰিবলগীয়া হ’ব ৭০০ টকা মূল্য । কলেজ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এই সিদ্ধান্তক গৰিহণা দিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে।

এক প্ৰেছ বিবৃতি যোগে জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে ,”আমি সকলোৱে নামঘোষাখনক শ্ৰদ্ধা কৰাৰ লগতে অসমীয়া সমাজৰ প্রতিঘৰ মানুহেই ঘোষাখন ঘৰত ৰাখেই। নামঘোষাখন পঢ়াক লৈ কাৰো আপত্তি নাই।”

“শংকৰ-মাধৱৰ সৃষ্টি আৰু আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। কিন্তু গুৱাহাটী কমাৰ্চ কলেজৰ নামভৰ্তি মাচুলৰ লগত নামঘোষাখন বাধ্যতামূলক কৰাৰ কাৰণ কি ? বাধ্যতামূলক কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৭০০ টকাৰ বোজা জাপি দিব বিচাৰিছে কিয়?”

যিসময়ত সকলো ছাত্ৰ সংগঠনে মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, সেই সময়তে অতিৰিক্তভাৱে নামঘোষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ৭০০ টকা সংগ্ৰহ কৰাৰ অনুমতি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন কৰে জাতীয় যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিহৰ বাবে স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক নামঘোষা বিক্ৰী কৰা হৈছে । নামভৰ্তিৰ সৈতে নামঘোষাৰ বিক্ৰীৰ সম্পৰ্ক কি বুলি প্ৰশ্ন কৰিছে অভিভাৱকসকলে ।

শিক্ষা আৰু ধৰ্মক একাকাৰ নকৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে গুৱাহাটী কমাৰ্চ কলেজ কৰ্তৃপক্ষক এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ দাবী উথাপন কৰে জাতীয় যুৱ বাহিনীয়ে।

লগতে পঢ়ক : Amlan Borgohain victory in National Games : ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক লাভ